অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মাজবাট আঞ্চলিক সমিতিৰ প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিৰ দুৰ্নীতিৰ তদন্তৰ দাবীত উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান

প্ৰাগজ্যোতিষ বাৰ্তা, মাজবাটৰ পৰা যতীন নাথ, ১০ মেঃ ওদালগুৰি জিলাৰ ৩৯ নং পাচনৈ চেৰফাং বি টি চি পৰিষদীয় সমষ্টিত প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিত জালিয়াতিৰে হিতাধীকাৰীৰ তালিকা প্ৰস্তুত কৰা বুলি অভিযোগ উত্থাপন কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মাজবাট আঞ্চলিক সমিতিয়ে।

আজি এই লৈ যুৱ ছাত্ৰ পৰিষদৰ মাজবাট আঞ্চলিক সমিতিয়ে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিত সংঘটিত হোৱা ব্যাপক দুৰ্নীতিৰ এক নিৰপেক্ষ তদন্তৰ দাবী জনাই মাজবাট ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে ওদালগুৰি জিলাৰ উপায়ুক্তলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

যুৱ ছাত্ৰ পৰিষদৰ মাজবাট আঞ্চলিক সমিতিৰ সভাপতি আৰু সম্পাদকে কয় যে ৩৯ নং পাচনৈ চেৰফাং সমষ্টিত প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিৰ তালিকা প্ৰস্তুত কৰাত ব্যাপক খেলিমেলি কৰিছে।

যাৰ ফলত প্ৰকৃত কৃষকসকল বঞ্চিত হৈ এচাম অকৃষকে আঁচনিৰ ধন লাভ কৰিছে।

প্ৰকৃত কৃষকক বঞ্চিত কৰি একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়া কৰ্মচাৰী আৰু দালালে স্কুলৰ ছাত্র-ছাত্ৰী, ব্যৱসায়ী, চাকৰিয়াল, ভি চি ডি চিৰ সভাপতি আৰু শিক্ষকৰ পৰিয়ালৰ লোকক কৃষকৰ নামত অহা সাহায্য প্ৰদান কৰিছে।

যুৱ ছাত্ৰ পৰিষদৰ মাজবাট আঞ্চলিক সমিতিয়ে এই অবাধ দুৰ্নীতিৰ উচিত তদন্তৰে দোষীসকলক চিনাক্ত কৰি শাস্তি দিয়া আৰু নতুন তালিকা প্ৰস্তুত কৰি প্ৰকৃত কৃষকক সাহায্য দিবলৈ উপায়ুক্তৰ ওচৰত দাবী জনাইছে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here