আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰত সম্প্ৰচাৰিত হ’ব অনাতাঁৰ নাটক “উদয় ভানুৰ চৰিত্ৰ”

প্ৰাগজ্যোতিষ বাৰ্তা, শিৱসাগৰৰ পৰা অমৃত কুমাৰ শৰ্মা, ৩ এপ্ৰিলঃ আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰ যোগে ৩ আৰু ৬ এপ্ৰিলৰ শুক্ৰবাৰ আৰু সোমবাৰে নিশা ৮ বজাত দুটা খণ্ডত অসম নাট্য সন্মিলন, সোণাৰি শাখাৰ নাটক “উদয় ভানুৰ চৰিত্ৰ” সম্প্ৰচাৰিত হ’ব৷

উল্লেখযোগ্য যে এইখনেই হ’ব নাট্যকাৰ দীপক কুমাৰ কলিতাৰ দ্বাৰা ৰচিত আৰু পৰিচালিত চৰাইদেউ জিলাৰ সোণাৰিৰ প্ৰথমখন অনাতাঁৰ নাটক৷

আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰই আয়োজন কৰা অনাতাঁৰ নাট সমাৰোহ কাৰ্য্যসূচীত পোন প্ৰথমবাৰৰ বাবে চৰাইদেউ জিলাৰ পৰা নাট্য দলটিয়ে নাটখন বাণীবদ্ধ কৰিবলৈ সুযোগ লাভ কৰাত অসম নাট্য সন্মিলন শিৱসাগৰ জিলা আৰু শিৱসাগৰ শাখা সমিতিয়ে নাট্য দলটিলৈ অফুৰন্ত শুভকামনা জ্ঞাপন কৰিছে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here