আমিনুলক আগতেই গ্ৰেপ্তাৰ কৰিব লাগিছিলঃ বিধায়ক শিলাদিত্য

প্ৰাগজ্যোতিষ বাৰ্তা, লংকাৰ পৰা ভূপেন্দৰ সিং বাবু, ৮ এপ্ৰিলঃ এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা সন্দৰ্ভত শিলাদিত্যৰ বিষ্ফোৰক মন্তব্য।

আমিনুল ইছলামে যিবোৰ মন্তব্য কৰে খুৱ ভয়ংকৰ মন্তব্য কৰে আৰু তেওঁ এটা মৌলবাদীৰ ৰূপ লৈ তেওঁলোকৰ কামখিনি কৰি আছে ।

ক’ৰ’ণা ভাইৰাছৰ ক্ষেত্ৰটোত বিশ্বৰ সৈতে এক গোট হৈ আমি কাম কৰিছো কেনেকৈ ক’ভিড-১৯ৰ পৰা মুক্ত পাব পাৰো, তাৰ মাজতো তেওঁলোকে যি এডভোকেছি কৰি আছে সেয়া লাজ লগা।

ম‌ই জানো চৌডি আৰব,কুয়েটত হাজাৰ হাজাৰ মানুহ ক’ভিড-১৯ ত আক্ৰান্ত মানুহ আৰু বহু মৃত্যু মুখতো পৰিছে।

তেওঁলোকে যি ভূল প্ৰচাৰ কৰি তেওঁলোকৰ মানুহৰ মানুহক ক্ষতি কৰি আছে। তেওঁ যদি বেয়া মন্তব্য নকৰিলেহেঁতেন তেতিয়া হ’লে নিজামুদ্দিনৰ পৰা যি মানুহ আহিছে তেওঁলোক লুকাই নাথাকি নিজকে আত্মসমৰ্পণ কৰিলেহেঁতেন।

নিজামুদ্দিনক সপক্ষে থকা মানুহেই অসমক বিপদত পেলাব বিচাৰিছে।‌ তেওঁক আইন মতে শাস্তি দিব লাগে। চৰকাৰে দিয়া আঁচনিসমূহতো সেইসকল মানুয়েহেই হেতা -ওপৰা লগাই আছে, বাকী সকলোত ঠিকেই আছে বুলি মন্তব্য শিলাদিত্যৰ।

হোজাই জিলাৰ লংকাত ৭ এপ্ৰিলৰ দুপৰীয়া সময়ত শিলাদিত্য দেৱ উপস্হিত হৈ সুলভ মূল্যৰ দোকানসমূহ পৰিদৰ্শন কৰাৰ লগতে লংকাৰ দাঁতিকাষৰীয়া অঞ্চলসমূহৰ ৰাইজ, মুৰব্বীসকলৰ লগত লক’ডাউনৰ ক্ষেত্ৰত পৰিস্হিতিৰ বুজ লয়।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here