ওৰাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত ক’ৰ’ণাৰ সজাগতা অভিযানঃ বাংলাদেশ আৰু বহিঃৰাজ্যৰ পৰা অহা ব্যক্তি সকলৰ ঘৰে ঘৰে গৈ মাৰিলে ষ্টাম্প

প্ৰাগজ্যোতিষ বাৰ্তা,মাজবাটৰ পৰা যতীন নাথ, ২৮ মাৰ্চঃ মাৰ্চ মাহৰ ভিতৰত বহিঃৰাজ্য আৰু বহিঃৰাষ্ট্ৰ ভ্ৰমণ কৰি অহা কেইবাজনো লোকক আজি ঘৰে ঘৰে গৈ হাতত ষ্টাম্প মাৰি, নিজ গৃহতে কোৱেৰণ্টাইন হ’বলৈ নিৰ্দেশ দিলে স্থানীয় জিলা প্ৰশাসনে।

স্থানীয় প্ৰশাসনৰ হৈ ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত মহকুমা চিকিৎসা বিষয়া ডাঃ লক্ষ্মণ বড়োৰ নেতৃত্বত ওৰাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্যকৰ্মীৰ দলে ৫ দিনমানৰ আগতে বালাংদেশৰ পৰা অহা মাজবাটৰ এন চি লামাবাৰী গাঁৱৰ কৰণ গোৱালাৰ হাতত যোৱা ২৭ মাৰ্চত ষ্টাম্প মাৰি গৃহতে আৱদ্ধ হৈ থাকিবলৈ নিৰ্দেশ দিয়ে।

ইতিমধ্যে বহিঃৰাজ্যৰ পৰা অহা লোকসকলকো ষ্টাম্প মাৰি ঘৰতে কোৱেৰন্টাইন হৈ থাকিবলৈ নিৰ্দেশ দিয়ে।

এই চিকিৎসাৰ দলটোত বিপিএম পংকজ সভাপণ্ডিত, চিকিৎসা বিষয়া ডাঃ দিপাঞ্জলী বৰা, ডাঃ সৌৰভ বৰ্মন, স্বাস্থ্যকৰ্মী বিপ্লৱ জ্যোতি ডেকা, প্ৰনতি বসুমতাৰী, তইবুৰ ৰহমান আদিয়ে ক’ৰ’ণাৰ সজাগতা, সাবধানতা আদিৰ সম্পৰ্কত চিকিৎসা সেৱা আগবঢ়ায়৷

আনহাতে যোৱা ২৬ মাৰ্চত ওৰাঙৰ চি আই এছ ই কেম্পৰ জোৱানসকলক চিকিৎসা দলটোৱে ক’ৰ’ণা ৰোগৰ সম্পৰ্কত স্কেনিং কৰি ৰোগসমুহৰ প্ৰতিকাৰ আৰু প্ৰতিৰোধ আৰু হাত ধোৱাৰ পদ্ধতি আদিৰ বিষয়ে ব্যাখ্যা কৰে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here