কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰৰ জন্ম জয়ন্তী উদযাপন

প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটীৰ পৰা মনোজ ডেকা, ৮মেঃ বিশ্বকবি গুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰৰ জন্ম জয়ন্তী উপলক্ষে আজি বৃহত্তৰ গুৱাহাটী ৰবীন্দ্ৰ জয়ন্তী উদযাপন সমিতিয়ে মহানগৰীত কেইবাটাও কাৰ্যাসূচীৰে উদযাপন কৰে৷

দিনৰ ১১ বজাত মহানগৰীৰ ৰবিন্দ্ৰ ভৱনৰ প্ৰতিস্থিত কবি গুৰু ৰবিন্দ্ৰ নাথ ঠাকুৰৰ প্ৰতিমুৰ্তীত মাল্যাৰ্পণ কৰে সমিতিৰ মুখ্য পৃষ্ঠপোষক মৃগেন শৰনীয়াই৷

তেওঁক সহযোগ কৰে সমিতিৰ সাধাৰণ সম্পাদক ক্ৰমে ৰাজীৱ দাস, শংকৰ চক্ৰৱৰ্তী, উপসভানেত্ৰী জুৰিস্মিতা দত্ত৷

উল্লেখ্য যে উদযাপন সমিতিৰ তৰফৰ পৰা শুক্লেশ্বৰ মন্দিৰৰ সন্মুখৰ পদপথৰ বাসিন্দাসকলক দুপৰীয়াৰ আহাৰ যোগান ধৰে৷ আহাৰৰ সমান্তৰালভাৱে বিস্কুট, কল, মূৰী আদি বিতৰন কৰা হয় সমিতিৰ তৰফৰ পৰা৷

ইয়াৰ উপৰিও সমিতিৰ মুখ্য পৃষ্ঠপোষক মৃগেন শৰনীয়াৰ নেতৃত্বত যোৱা দলটোৱে পল্টনবজাৰ আৰক্ষী থানা, পানবজাৰ আৰক্ষী থানা আৰু ভৰলু আৰক্ষী থানাত মাস্ক, ছেনিটাইজাৰ, গ্লোপছ বিতৰণ কৰে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here