ক’ৰ’ণা মহামাৰীৰ প্ৰতিৰোধৰ হকে নিজৰ বেতন আৰু এম.পি.এল.এ.ডি পুঁজিৰ পৰা সাহায্য আগবঢ়ালে সাংসদ কামাখ্যা প্ৰসাদ তাচা আৰু কুইন ওজাই

0
131

প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটী, ২ এপ্ৰিলঃ যোৱা ৩০ মাৰ্চত নভেল ক’ৰ’ণা সংক্ৰমণৰ বিৰুদ্ধে এগৰাকী সৈনিক হিচাপে মাহিলী বেতনৰ ১ লাখ টকা আৰু এম পি এল এ ডি পুঁজিৰ ১ কোটি টকা প্ৰধানমন্ত্ৰী সাহায্য পুঁজিলৈ আগবঢ়ায় গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাই৷

আনহাতে ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই ক’ৰ’ণা ভাইৰাছৰ বিৰুদ্ধে দেশজুৰি চলি থকা যুজঁখনলৈ ৩০ মাৰ্চত ১ কোটি ৫০ লাখ টকাৰ অৱদান আগবঢ়াইছে।

তেওঁৰ নিজৰ এম পি এল এ ডি পুঁজিৰ পৰা ১ কোটি প্ৰদান কৰিলে ক’ৰ’ণাৰ বিৰূদ্ধে চলি থকা যুজঁখনলৈ, আৰু ৫০ লাখ টকা প্ৰদান কৰিছে অসম আৰোগ্য নিধিলৈ।

আনহাতে, বিজেপি সাংসদজনে মাহিলী বেতনৰ ১ লাখ টকা প্ৰদান কৰিলে প্ৰধানমন্ত্ৰীৰ সাহায্য নিধি, অসমলৈ।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here