গোগামুখত মিচিং সমাজৰ প্ৰবিত্ৰ উৎসৱ আলি-আয়ে- লৃগাং

0
1

প্ৰাগজ্যোতিষ বাৰ্তা,ধেমাজি পৰা ললিত শইকীয়া, ১৯ ফেব্ৰুৱাৰীঃ আজি ফাগুনৰ প্ৰথম বুধবাৰ। অসমৰ ভূমিপুত্ৰ মিচিংসকলৰ হেঁপাহৰ উৎসৱ আলি-আয়ে-লৃগাং।

কৃষিজীৱি মিচিংসকলে কৃষিকাৰ্যত নমাৰ পূৰ্বে পালন কৰে এই উৎসৱ। আলি-আয়ে লিংগাত আহু কঠীয়া সিঁচি আজিৰে পৰা মিচিং ৰাইজে পথাৰত নামিব।

টঙী ঘৰৰ আখলত মাছ খৰিকা, গাহৰী মাংস খৰিকা ,ছাই আপং ,তৰা পাতৰ ভাত খাই স্ফুৰ্টি কৰি আজি দিনটো উদ্যমেৰে পালন কৰিব মিচিং সমাজে।

মিচিংসকলৰ ৰাজধানী ৰূপে খ্যাত গোগামুখ মইনাপাৰা মিচিং কনেং(ছোৱালী), য়ামে(ল’ৰা)সকলৰ লগতে বুঢ়া-বুঢ়ী সকলো ঐনিতমৰ তালে তালে গোমৰাগ নৃত্য কৰাত ব্যস্ত হৈ পৰিছে গোগামুখৰ মিচিং সমাজো।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here