চাপানলাত ক্ষেত্ৰ অধ্যয়ন আৰু ক’ৰ’ণা ভাইৰাছৰ ওপৰত সজাগতা সভা

প্ৰাগজ্যোতিষ বাৰ্তা,চামগুৰিৰ পৰা বিদ্যুত জ্যোতি বৰা, ১৯ মাৰ্চঃ ক’ৰ’ণা ভাইৰাছে বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰাৰ সময়তে চাপানলাত আজি বধিৰ বিদ্যা মন্দিৰ,পুৰণিগুদামৰ উদ্যোগত আৰু চিত্ৰলেখা চিত্ৰাংকন বিদ্যালয়,চাপানলাৰ সহযোগত ক্ষেত্ৰ অধ্যয়ন আৰু ক’ৰ’ণা ভাইৰাছৰ ওপৰত এখন সজাগতা সভা অনুষ্ঠিতহৈ যায়৷

ক’ৰ’ণা ভাইৰাছত বিশ্বজুৰি প্ৰায় প্ৰতিদিনে অসংখ্য লোক আক্ৰান্ত হোৱাৰ সমান্তৰালভাৱে ৭৫০০জনকৈ লোক মৃত্যু হোৱাৰ প্ৰতি লক্ষ্য ৰাখি আজি বধিৰ বিদ্যা মন্দিৰৰ কাণেৰে নুশুনাৰ বাবে মুখেৰে কথা ক’ব নোৱৰা ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলক সজাগ আৰু সাৱধানতা অৱলম্বন কৰোৱাৰ উদ্দেশ্যে উক্ত অনুষ্ঠান অনুষ্ঠিত হৈ যায়৷

মানৱ অধিকাৰ সংগ্ৰাম সমিতি(মাছ)ৰ নগাঁও জিলাৰ অধ্যক্ষ, সাংবাদিক নীলৰঞ্জন শৰ্মাই আঁতধৰা সজাগতা সভাখনত চামগুৰি ডায়েটৰ কৰ্মচাৰী দেৱকান্ত বনিয়া, শিঙিয়াস্থিত ৰঙিলী শিল্পালয় আৰু চিত্ৰাংকন বিদ্যালয়ৰ সম্পাদক, ভাস্কৰ্য্য শিল্পী বিপুল বৰা, সমাজকৰ্মী জয়ন্ত ভূঞা, চিত্ৰশিল্পী প্ৰাণজিৎ চাংমাই, জুতিকা ভূঞা প্ৰমুখ্যে কেইবাগৰাকীও লোক উপস্থিত থাকে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here