চাপানালা বালিজুৰিত বিশেষ ভাৱে সক্ষম গাভৰুৰ অন্তঃসত্তাকলৈ তীব্ৰ চাঞ্চল্যঃ থানাত ৫০ বছৰীয়া লোকৰ বিৰুদ্ধে গোচৰ

প্ৰাগজ্যোতিষ বাৰ্তা,চামগুৰিৰ পৰা বিদ্যুত জ্যোতি বৰা, ১১ মেঃ বিশেষ ভাৱে সক্ষম এগৰাকী ষোড়শী গাভৰু এজন বিবাহিত লোকৰ কামনাৰ বলি হৈ অন্তঃসত্বা হোৱাক কেন্দ্ৰ কৰি নগাঁও জিলাৰ বৃহত্তৰ চাপানালাৰ বালিজুৰি অঞ্চলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷

জানিব পৰা মতে, নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত পুৰণিগুদাম আৰক্ষী চকীৰ এলেকাধীন বালিজুৰি কাজিৰঙাৰ নিবাসী মঃ আহাদুল হকে(৫০) থুলাইজুৰি পুলিবাগান অঞ্চলৰ এগৰাকী বিশেষ ভাৱে সক্ষম কিশোৰীৰ সৈতে অবৈধ সম্পৰ্ক স্থাপন কৰিছিল বুলি অভিযোগ উত্থাপন হৈছে ৷

সাৱলীলভাৱে মনৰ ভাব প্ৰকাশ কৰিব নোৱৰা বিশেষ ভাৱে সক্ষম গাভৰুগৰাকী প্ৰায় পাঁচ মহীয়া অন্তঃসত্বা হোৱাৰ পাছত পৰিয়ালৰ লোকে জানিব পাৰি সোধপোছ কৰাত ঘটনাটো পোহৰলৈ আহে।

যুৱতীগৰাকীয়ে এই কাৰ্যৰ বাবে আহাদুল হকৰ লগত অবৈধ সম্পৰ্ক ঘটাৰ কথা উল্লেখ কৰে৷

পাছত বালিজুৰি কাজিৰঙাৰ ইছলাম সমাজ আৰু থুলাইজুৰি বড়ো সমাজৰ সভাপতি, সম্পাদক সকলৰ লগতে চৰকাৰী গাঁওবুঢ়াসহ আলোচনাত মিলিতহৈ উক্ত ঘটনা সম্পৰ্কে ন্যায়িক তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে পুৰণিগুদাম আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে বুলি জানিব পৰা গৈছে৷

অৱশ্যে আৰক্ষীৰ উচিত তদন্তৰ পাছতহে তিনিটা সন্তানৰ পিতৃ আহাদুল ওৰফে সোন্টি প্ৰকৃত দোষী হয় নে নহয় এই সম্পৰ্কে জানিব পৰা যাব৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here