চামগুৰিত কোৱাৰেণ্টাইনত থকা ৫ জনৰ ক’ভিড ১৯ ৰ ৰিপৰ্ট নিগেটিভ

প্ৰাগজ্যোতিষ বাৰ্তা, চামগুৰিৰ পৰা বিদ্যুত জ্যোতি বৰা, ৬ এপ্ৰিলঃ নগাঁও জিলাৰ চামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত মোৱামাৰী আদৰ্শ হস্পিতালৰ আইচ’লেশ্বন কক্ষৰ কোৱাৰেণ্টাইনত ৰখা ৫ জন লোকৰ তেজৰ পৰীক্ষাত ক’ভিড ১৯ নিগেটিভ ৰিপৰ্ট আহিছে বুলি স্বাস্থ্য বিভাগৰ এক সূত্ৰ‌ই জানিবলৈ দিয়ে।

নিজামুদ্দিন তবলিগ জামাতত অংশগ্ৰহণ কৰা অসমৰ প্ৰথম জন ক’ভিড ১৯ জামালুদ্দিনৰ সংস্পৰ্শলৈ আহিছিল চামগুৰিৰ এই ৫ জন লোক ।

চামগুৰিৰ মোৱামাৰী মডেল হস্পিতালত শুক্ৰবাৰৰ পৰা এই লোককেইজনক আছুতীয়াকৈ ৰখা হৈছিল।

অসমৰ প্ৰথমজন কভিড ১৯ ত আক্ৰান্ত জামালুদ্দিনৰ লগত গুৱাহাটীৰ হাতীগাঁও কবৰস্থান মছজিদত অনুস্থিত এখন ধৰ্মীয় সভাত এই লোককেইজনে অংশগ্ৰহণ কৰিছিল।

প্ৰশাসনৰ লোকে অনুসন্ধান কৰি চামগুৰিৰ গেৰুৱামুখৰ পৰা আমিৰুল হক, বৰমা ভগামুৰৰ জাকাৰিয়া আলম, লৰিমুখৰ ইনামূল হক, ৰূপহীহাট সমষ্টিৰ ৰূপহীহাটৰ হজৰত আলী আৰু গেৰেকীৰ ইইমদাদুল হকক মোৱামাৰীৰ এই আইছলেশ্বন কক্ষৰ কোৱাৰেণ্টাইনত ৰাখিছিল।

৫ এপ্ৰিলত স্বাস্থ্য বিভাগৰ সূত্ৰ‌ই আটাইকেইজনৰ ৰিপৰ্ট নিগেটিভ বুলি ঘোষণা কৰাত পৰিয়ালৰ লগতে অঞ্চলটোৰ ৰাইজে স্বস্তিৰ নিশ্বাস পেলাইছে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here