চামগুৰিত দৰিদ্ৰ লোকক খাদ্য সামগ্ৰী বিতৰণ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰঃ চাপানলাত বন বিষয়া আৰু ব্যৱসায়ীই গাঁঠিৰ ধন ভাঙি বিতৰণ কৰিলে খাদ্য বস্তু

প্ৰাগজ্যোতিষ বাৰ্তা, চামগুৰিৰ পৰা বিদ্যুত জ্যোতি বৰা , ১ এপ্ৰিলঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সমগ্ৰ দেশতে ২১ দিনীয়া লকডাউন ঘোষণা কৰাৰ পাছতে একাংশ দৰিদ্ৰ লোকে খাদ্যৰ বাবে হাহাকাৰ কৰিব লগা পৰিস্থিতি উদ্ভৱ হোৱাৰ সময়তে প্ৰাক্তন মন্ত্ৰী তথা চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইনে চামগুৰি সমষ্টিত খাদ্য সামগ্ৰী বিতৰণ কৰে ৷

জানিব পৰা মতে, প্ৰাক্তন মন্ত্ৰী তথা বিৰোধী দলৰ উপাধ্যক্ষ ৰকিবুল হুছেইনে আজি নিজা সমষ্টিটোৰ অন্তৰ্গত বাজিয়াগাওঁ ব্লক আৰু লাওখোৱা ব্লকৰ অধীনৰ ২৩ টা পঞ্চায়তৰ দুখীয়া ৰাইজৰ মাজত শাক পাচলিৰ লগতে চাউল, মাক্স আদি বিতৰণৰ ব্যৱস্থা কৰে।

সুতাৰগাওঁ পঞ্চায়তৰ অন্তৰ্গত তেলিয়া গাঁৱৰ দুখীয়া একাংশ লোকৰ মাজত খাদ্য সামগ্ৰী বিতৰণৰ শুভাৰম্ভণী কৰি প্ৰাক্তন মন্ত্ৰী হুছেইনে সমষ্টিটোৰ ভেলেউগুৰি, খাটোৱাল, বাজিয়াগাওঁ, চামগুৰি, ৰঙাগড়া, আমলখী ,ভৰাগুৰি, কনুৱামাৰী, লাইলুৰি ,শিৱস্থান, আমবাগান আদিকে ধৰি মুঠ ২৩ টা গাওঁ পঞ্চায়তৰ দৰিদ্ৰ লোকসকল বিশেষকৈ শ্ৰমজীৱি লোকৰ মাজত চাউল আৰু শাকপাচলি বিতৰণৰ ব্যৱস্থা গ্ৰহণ কৰে ৷

বিৰোধী দলৰ উপাধ্যক্ষ হুছেইনে চামগুৰিৰ স্থানীয় সাংবাদিকসকলৰ মাজতো মাক্স,টুপি,হাতমোজা,ছেনিটাইজাৰ আৰু খাদ্য সামগ্ৰী বিতৰণ কৰা পৰিলক্ষিত হয়  ৷

দেশত তাৎক্ষণিকভাৱে লকডাউন কৰা বাবে বহু পৰিয়ালে বিশেষকৈ দিন হাজিৰা কৰা  সকলে খাদ্য সংকটত ভুগিবলগা হৈছে ৷

এইক্ষেত্ৰত বিধায়কগৰাকীয়ে নিয়ম নীতি অৱলম্বন কৰি, সমদূৰত্ব বজাই ৰাখি কৃষক শ্ৰমিকে দৈনিক শ্ৰম অব্যাহত ৰখাৰ ক্ষেত্ৰত চৰকাৰে লকডাউন শিথিলতাৰে দুখীয়ালোক সকল উপকৃত কৰিব পৰা পদক্ষেপ গ্ৰহণ কৰাৰো পোষকতা কৰিছে বুলি জানিবলৈ দিয়ে ৷

আনহাতে আজি খাদ্য সামগ্ৰী বিতৰণ কৰাৰ সময়ত সাংবাদিক,আৰক্ষীকে ধৰি জৰুৰীকালীন সেৱাৰ লগত জড়িত লোকসকলে নিয়ম শৃঙ্খলা মানি দূৰত্ব বজাই ৰাখিছে যদিও হিতাধিকাৰী সকলে যথেষ্ট ভিৰ কৰা পৰিলক্ষিত হয় ৷

ইপিনে আজি পুৱাৰ পৰা চামগুৰি সমষ্টিৰ চাহ অধ্যূষিত অঞ্চল চাপানলাৰ নতুন বস্তি, বাঘেখাইটী, বৰঘাট, উত্তৰ বৰঘাটকে ধৰি পাঁচখনকৈ গাঁৱৰ দৰিদ্ৰ লোকক চাপানলা খণ্ড বন কাৰ্যালয়ৰ বন বিষয়া নজমুল আহমেদ আৰু ব্যৱসায়ী ৰিতুল আহমেদে গাঠিৰ ধন ভাঙি চাপানলাৰ বন বিভাগৰ সহযোগত খাদ্য সামগ্ৰী বিতৰণ কৰে।

এই কাৰ্যক চাহ অধ্যূষিত জনগণে প্ৰশংসা কৰা পৰিলক্ষিত হৈছে ।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here