চামগুৰিত বিশিষ্ট সমাজসেৱী গোপীনাথ দাসৰ মৃত্যুত শোকৰ ছাঁ

প্ৰাগজ্যোতিষ বাৰ্তা, চামগুৰিৰ পৰা বিদ্যুত জ্যোতি বৰা, ৪ এপ্ৰিলঃ নগাঁও জিলাৰ চামগুৰিৰ বিশিষ্ট সমাজ কৰ্মী, অভিনেতা, অৱসৰপ্ৰাপ্ত কৰ্মচাৰী গোপীনাথ দাস (৬৯)ৰ আজি পৰলোক প্ৰাপ্তি হয় !

দাসৰ আকস্মিক বিয়োগে চামগুৰি অঞ্চলত শোকৰ ছাঁ পেলাইছে।

চামগুৰি ফুকনটোল নিবাসী প্ৰয়াত ৰত্নেশ্বৰ দাসৰ দ্বিতীয় সন্তান গোপীনাথে ১৯৫১ চনৰ পহিলা মাৰ্চত জন্ম গ্ৰহণ কৰিছিল।

অসম আৰক্ষীৰ অসামৰিক বিভাগত কৰ্মৰত দাসে ২০১১ বৰ্ষৰ ২৮ ফেব্ৰুৱাৰীত অৱসৰ গ্ৰহণ কৰিছিল।

চাকৰি কালৰে পৰাই দাস চামগুৰিৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত আছিল।

দাসৰ একান্ত প্ৰচেষ্টাতে চামগুৰিৰ ফুকনটোলত অৱস্থিত মগলৌ পুখুৰীৰ পাৰত গীতা মন্দিৰ স্থাপন হৈছিল।

এই গীতা মন্দিৰত আজি বিভিন্ন স্থানৰ ধৰ্মাৱলম্বী ভক্ত আহি ভিৰ কৰা পৰিলক্ষিত হয়।

ইয়াৰ লগতে দাসে ৰঙাগড়া অঞ্চলৰ ৰাইজৰ সহযোগত এটি কালী মন্দিৰো স্থাপন কৰিছিল।

ইয়াৰোপৰি অঞ্চলটোৰ শিঙ্গিয়া ৰিজাৰ্ভ আৰু বৰালীগাঁও পথাৰত এসময়ত সমবায় ভিত্তিত খেতি কৰি স্বাৱলম্বিতাৰ নিদৰ্শনৰ লগতে কৃষি কৰ্মৰ প্ৰতি যুৱ চামক আকৰ্ষিত কৰিছিল।

বৃহত্তৰ চামগুৰি অঞ্চলৰ নামঘৰৰ লগতে বিভিন্ন স্থানত অনুস্থিত অংকীয়া ভাওনাত সু অভিনয় কৰি ৰাইজৰ ভূয়সী প্ৰশংসা লাভ কৰিছিল।

বহু প্ৰতিভাৰ অধিকাৰী দাস কিছুদিন ধৰি শয্যাশায়ী হৈ আছিল।

শুক্ৰবাৰে নিশা ৭ বাজি ৪৫ বজাত দাসে ফুকনটোলৰ নিজ গৃহতে শেষ নিশ্বাস ত্যাগ কৰে।

মৃত্যুৰ সময়ত দাসে দুই পত্নী, তিনি পুত্ৰ সন্তান, দুই বোৱাৰী আৰু তিনি নাতি ইহ সংসাৰত এৰি থৈ যায়।

তেখেতৰ মৃত্যুত অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰাৰ লগতে পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here