চামগুৰিত ষ্টেট বেংকৰ এটিএম ভাঙি চোৰৰ লুট পাতৰ অপচেষ্টা

প্ৰাগজ্যোতিষ বাৰ্তা,চামগুৰিৰ পৰা বিদ্যুত জ্যোতি বৰা, ১৯ মাৰ্চঃ নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত চামগুৰি সোণাৰীবালিত থকা এছ.বি.আই.ৰ এটিএমত যোৱা নিশা এক চুৰিকাণ্ড সংঘটিত হয়।

জানিব পৰা মতে, চোৰৰ  দল এটাই  নগাঁও এছ বি আই শাখাৰ দ্বাৰা পৰিচালিত সোনাৰিবালিস্থিত এ টি এমটোত গেছকাটাৰ ব্যৱহাৰ কৰি দুৱাৰ কাটি প্ৰৱেশ কৰিছিল।

এটিএমটোৰ ভিতৰত থকা চি চি কেমাৰাত চোৰে ক’লা স্প্ৰে ব্যৱহাৰ কৰি এ টি এমৰ টকা লুটপাত কৰাৰ চেষ্টা কৰাৰ সময়তে স্থানীয় একাংশ লোকে উমান পাই  চামগুৰি আৰক্ষীক খৱৰ দিয়ে। পৰৱৰ্তী সময়ত আৰক্ষী উপস্থিত হোৱাৰ পূৰ্বে ঘটনাস্থলীৰ পৰা ধৃত চোৰকেইটাই পলায়ন কৰে৷ অৱশ্যে চোৰকেইটাই টকা নিবলৈ সক্ষম নহ’ল বুলি আৰক্ষী সূত্রই জানিবলৈ দিয়ে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here