চামগুৰিত সচেতন লোকে বিতৰণ কৰিলে খাদ্য সামগ্ৰী

প্ৰাগজ্যোতিষ বাৰ্তা, চামগুৰিৰ পৰা বিদ্যুত জ্যোতি বৰা, ৮ এপ্ৰিলঃ বিশ্বজুৰি ক’ৰ’ণা ভাইৰাছে সৃষ্টি কৰা ভয়াৱহতাৰ পৰা পৰিত্ৰাণ পাবলৈ লকডাউন ঘোষণা কৰা বাবে মানুহে নিজকে ঘৰত আৱদ্ধ কৰি ৰখাৰ ফলত ৰাজ্যখনৰ লগতে নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ দুখীয়া ৰাইজৰ মাজত খাদ্য সংকটৰ সমস্যাই দেখা দিয়াৰ সময়তে বিভিন্ন লোকে অসহায় দৰিদ্ৰ পৰিয়ালক খাদ্য সামগ্ৰী যোগান ধৰা পৰিলক্ষিত হৈছে৷

বিশেষ কৈ ৰাজ্য চৰকাৰ তথা স্বাস্থ্য শিক্ষা আৰু বিত্ত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানৰ প্ৰতি সহাৰি জনাই আজি শ্ৰীশ্ৰী ব্ৰহ্মচাৰী সত্ৰৰ শিক্ষক লাৰু শৰ্মা, দীলিপ বৰঠাকুৰ, শিক্ষয়িত্ৰী মনিমালা শৰ্মা, ৰিকিমনি বৰুৱা, জুৰি শৰ্মা, শিক্ষক মনোৰঞ্জন শৰ্মা, ৰাজীৱ গোস্বামী আৰু স্বাস্থ্য বিভাগৰ কৰ্মচাৰী বাবুল শৰ্মা আৰু তেলিয়াগাঁও নিবাসী তথা শিক্ষক দয়ানন্দ গোস্বামী সহ মুঠ ৯ জন লোকে যুটীয়াভাৱে আজি ব্ৰহ্মচাৰী সত্ৰ, তেলিয়াগাওঁ আৰু আমনিগাওঁ অঞ্চলৰ প্ৰায় শতাধিক দৰিদ্ৰ লোকৰ ঘৰত উপস্থিত হৈ আটা, চেনী, চিৰা, দালি আদিকে ধৰি খাদ্য সামগ্ৰী বিতৰণ কৰে৷

আনহাতে ব্ৰহ্মচাৰী সত্ৰৰ নিবাসী তথা শিক্ষক তুলসী শৰ্মায়ো দৰিদ্ৰ লোকসকলৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰাৰ বিপৰীতে পুৰণিগুদাম অঞ্চলৰ ব্যৱসায়ী তথা সমাজকৰ্মী দ্বীপেন খাউণ্ড নামৰ লোকজনে নিজাববীয়াকৈ পুৰণিগুদাম অঞ্চলৰ প্ৰায় শতাধিক দৰিদ্ৰ পৰিয়ালৰ ঘৰত উপস্থিত হৈ আলু চাউল আদিকে ধৰি বিভিন্ন খাদ্য সামগ্ৰী বিতৰণ কৰা কাৰ্যক স্থানীয় সচেতন মহলে আদৰণি জনাইছে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here