চামগুৰিৰ কাৱৈমাৰীত অবৈধ কাঠ মিল উৎখাত

0
5

প্ৰাগজ্যোতিষ বাৰ্তা,চামগুৰিৰ পৰা বিদ্যুত জ্যোতি বৰা, ৭ ফেব্ৰুৱাৰীঃ নগাঁও জিলাৰ শালনা বন কাৰ্য্যালয়ৰ অন্তৰ্গত কাৱৈমাৰীত আজি পুৱতী ৬ ফেব্ৰুৱাৰীৰ নিশা বন বিভাগৰ লোকে অভিযান চলাই এটা অবৈধ চোৰাং কাঠ মিল উৎখ্যাত কৰিবলৈ সক্ষম হয়৷

জানিব পৰা মতে, শালনা বন কাৰ্যালয়ৰ বন বিষয়া নেপাল মণ্ডল আৰু বন পালক প্ৰণৱ বৰাৰ নেতৃত্বত তথা সদৰ বন কাৰ্যালয়ৰ সহযোগত এটা বন কৰ্মীৰ দলে গোপন সূত্ৰৰ পম খেদি চামগুৰিৰ কাৱৈমাৰীত আজি পুৱতী নিশা অভিযান চলাই এটা অবৈধ চোৰাং কাঠ মিল উৎখাত কৰিবলৈ সক্ষম হয়৷

চামগুৰিৰ কাৱৈমাৰী নিবাসী লালু মিঞা নামৰ চোৰাং কাঠৰ ব্যৱসায়ীজনে বিগত বহুদিন ধৰি এটা অবৈধ কাঠৰ মিল চলাই থকাৰ সম্ভেদ লাভ কৰি বন বিভাগে লোকে উক্ত অভিযান চলাই কাঠ মিলটোৰ সমষ্ট যন্ত্ৰাংশ জব্দ কৰি শালনা বন কাৰ্যালয়লৈ আনে বুলি জানিব পৰা গৈছে যদিও চোৰাং কাঠ ব্যৱসায়ী লালু মিঞা বন বিভাগৰ চকুত ধুলি মাৰি পলায়ন কৰিবলৈ সক্ষম হয়৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here