চামগুৰিৰ দৰিদ্ৰ জনতাৰ বাবে বিজেপিৰ জিলা সভাপতিৰ প্ৰশংসনীয় পদক্ষেপ

প্ৰাগজ্যোতিষ বাৰ্তা, চামগুৰিৰ পৰা বিদ্যুত জ্যোতি বৰা , ১ এপ্ৰিলঃ বিশ্ব ত্ৰাস সৃষ্টি কৰা মহামাৰী ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণ ভাৰতত ৰোধ কৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশজুৰি ২১ দিনীয়া লক ডাউন ঘোষণা কৰিছে।

উক্ত লকডাউনৰ সময়চোৱাত খাদ্য সংকটত পৰা দৰিদ্ৰ জনগণৰ কাষত বিভিন্ন দল সংগঠনে খাদ্য সামগ্ৰী বিতৰণ কৰাৰ সময়তে বিজেপিৰ কলিয়াবৰ জিলাৰ সভাপতি অনিল শইকীয়াই নিজা গাঁঠিৰ ধনেৰে চামগুৰি সমষ্টিত দৰিদ্ৰ জনতাৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰা পৰিলক্ষিত হয় ।

আনহাতে বহু কৃষকৰ উৎপাদিত সামগ্ৰী উৎপাদনস্থলীতে নষ্ট হ‘বলৈ ধৰাত  উক্ত দৰিদ্ৰ লোক তথা কৃষকসকলক সহায় কৰিবলৈ আগবাঢ়ি আহিছে কলিয়াবৰ জিলা বিজেপিৰ সভাপতিগৰাকী ৷

জানিব পৰা মতে, কলিয়াবৰ জিলা বিজেপিৰ সভাপতিগৰাকীয়ে কৃষকৰ উৎপাদিত সামগ্ৰী উৎপাদনস্থলীতে ক্ৰয় কৰি বুধবাৰে ৰূপহীহাট সমষ্টিৰ একাংশ দৰিদ্ৰ লোকক নিজা প্ৰচেষ্টাত যোগান ধৰাৰ পাছত আজি চামগুৰি সমষ্টিৰ অতি দৰিদ্ৰ শ্ৰেণীৰ প্ৰায় পাঁঁচ শতাধিক ৰাইজৰ বাবে বাজিয়াগাওঁ মণ্ডল বিজেপিৰ সভাপতি বীৰেন শইকীয়া ,বিজেপিৰ স্থানীয় কৰ্মী পাৰ্থ প্ৰতিম হাজৰিকা আৰু নিতু মুদৈৰ সহযোগত স্থানীয় গাওঁবুঢ়াসকলৰ জৰিয়তে প্ৰতিখন গাঁৱৰ অতি দৰিদ্ৰ ৰাইজৰ মাজত চাউল, দালি, নিমখ, আলু, পিয়াঁজৰ লগতে শাক-পাচলি বিতৰণ কৰে ।

আজি পুৱা কলিয়াবৰ জিলা বিজেপিৰ সভাপতি অনিল শইকীয়াৰ নিজ বাসগৃহতে স্থানীয় গাওঁবুঢ়াসকলক নিজ হাতেৰে উক্ত সাহায্য সামগ্ৰী সমূহ ৰাইজক প্ৰদানৰ বাবে অৰ্পণ কৰে ৷

জিলা বিজেপিৰ সভাপতি অনিল শইকীয়াৰ নিজা এই পদক্ষেপৰ বাবে সমষ্টিৰ বহু সংখ্যক দৰিদ্ৰ পৰিয়ালৰ লোকে কিছু সকাহ পাব বুলি আশা প্ৰকাশ কৰিছে স্থানীয় সচেতন মহলে ৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here