চামগুৰিৰ মিছা আৰু ৰঙাগড়াত দুটা পৃথক পথ দুৰ্ঘটনাঃ ২৪ গৰাকী আহত

প্ৰাগজ্যোতিষ বাৰ্তা,চামগুৰিৰ পৰা বিদ্যুত জ্যোতি বৰা, ১৯ মাৰ্চঃ নগাঁও জিলাৰ মিছা বালিবাটত পশুধন কঢ়িওৱাৰ দৰে ইটাভাতাৰ শ্ৰমিক কঢ়িওৱা এখন মেজিক ১৮ মাৰ্চত দুৰ্ঘটনাগ্ৰস্তহৈ কেইবাগৰাকী মহিলা শ্ৰমিক গুৰুত্বৰভাৱে আহত হোৱা ঘটনাই সমগ্ৰ জিলাতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

জানিব পৰা মতে, ১৮ মাৰ্চৰ পুৱা শালনাৰ পৰা ইটাভাটাৰ শ্ৰমিক কঢ়িয়াই অনা এখন মেজিক ট্ৰাক মিছা বালিবাটৰ ওচৰত দুৰ্ঘটনাগ্ৰস্ত হয়৷

উক্ত দুৰ্ঘটনাত আহত হোৱা ২০ গৰাকীকৈ মহিলা শ্ৰমিকৰ লগতে ৪ গৰাকী দুৰ্ঘটনাগ্ৰস্তক সংকটজনক অৱস্থাত তেজপুৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে৷

উল্লেখ্য যে মালিক পক্ষই শ্ৰমিকসকলৰ প্ৰতি সন্মান প্ৰদৰ্শণ নকৰি গৰু-ছাগলীৰ দৰে ট্ৰাকত অনা-নিয়া কৰা কাৰ্যক অসম চাহ জনজাতি ছাত্র সন্থাই বাৰে বাৰে প্ৰতিবাদ জনাই অহাৰ পাছতো প্ৰশাসনে কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই৷

যাৰ পৰিপ্ৰেক্ষিততে উক্ত দুৰ্ঘটনাটো সংঘটিত হ’বলৈ পালে বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে৷

আনহাতে, আজি দিনৰ প্ৰায় ১২-৩৫ বজাত চামগুৰি ৰঙাগড়াৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত এখন তেলৰ টেংকাৰ আৰু চুইফ ডিজায়াৰৰ মাজত মুখামুখী সংঘৰ্ষ হয়৷

নুমলিগড়ৰ পৰা গুৱাহাটী অভিমুখী এ এছ ০১ এফ চি ২৫৬৮ নম্বৰৰ তেলৰ টেংকাৰখনৰ সৈতে গুৱাহাটীৰ পৰা শিৱসাগৰ অভিমুখী এ এছ ০১ এএল ৪৮৫৭ নম্বৰৰ চুইফ ডিজায়াৰখনৰ মুখামুখী সংঘৰ্ষৰ ফলত গুৱাহাটী গণেশগুৰি নিবাসী অজিত বৰদলৈৰ পত্নী জ্যোস্না বৰদলৈ(৫১),দুই পুত্ৰ ক্ৰমে ভিক্তৰ বৰদলৈ(২৮)আৰু জ্ঞানকোষ বৰদলৈ(১৫) গুৰুত্বৰভাৱে আহত হয়৷

পৰৱৰ্তী সময়ত স্থানীয় ৰাইজৰ সহযোগত আৰক্ষীয়ে আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰে বুলি জানিব ৰৰা গৈছে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here