চামগুৰি উদমাৰীত ক’ৰ’ণা ভাইৰাছৰ ওপৰত সজাগতাৰ প্ৰচেষ্টা।

প্ৰাগজ্যোতিষ বাৰ্তা,চামগুৰিৰ পৰা বিদ্যুত জ্যোতি বৰা, ১৯ মাৰ্চঃ নগাঁও জিলাৰ চামগুৰি সমষ্টি অধীনৰ উদমাৰী হাইস্কুলৰ শিক্ষক গোট আৰু স্থানীয় লোকৰ সহযোগত ক’ৰ’ণা ভাইৰাছ সম্পৰ্কে সজাগতা সৃষ্টিৰ উদ্দেশ্যে পদপথ আৰু উদমাৰী চাহ বাগিচাৰ নামঘৰত সভা অনুষ্ঠিত কৰি চাহ বাগিচা সম্প্ৰদায় লোকক ক’ৰ’ণা ভাইৰাছৰ প্ৰতি সজাগতাৰ প্ৰচেষ্টা হাতত লোৱা পৰিলক্ষিত হয়।

আজি দিনৰ প্ৰায় দহ বজাত উদমাৰী হাইস্কুলৰ সন্মুখৰ পদপথত স্থানীয় ৰাইজৰ উপস্থিত ক’ৰ’ণা ভাইৰাছৰ প্ৰতি সজাগতা সৃষ্টিৰ হকে প্ৰধান শিক্ষক আদিত্য বৰদলৈ, শিক্ষক সুবিমল দাসগুপ্তা, সমাজ কৰ্মী লৱকান্ত দেউৰিৰ লগতে কেইবাজনেও ক’ৰ’ণাৰ ওপৰত মন্তব্য আগবঢ়াই।

ইয়াৰ পিছতে উদমাৰী লাইনৰ নামঘৰত স্থানীয় লোকৰ উপস্থিতিত উক্ত শিক্ষক গোটে এখন সভা অনুষ্ঠিত কৰি ৰাইজক সজাগ কৰি তোলে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here