চামগুৰি মোৱামাৰী মডেল হস্পিতালত ৫ জনক কোৱাৰেণ্টাইনত

প্ৰাগজ্যোতিষ বাৰ্তা,চামগুৰিৰ পৰা বিদ্যুত জ্যোতি বৰা,৫ এপ্ৰিলঃ দিনক দিনে হৈ পৰিছে জটিল পৰিস্থিতি।

নিজামুদ্দিন তবলিগ জামাতত অংশগ্ৰহণ কৰা অসমৰ প্ৰথম জন কভিড-১৯ আক্ৰান্ত জামালুদ্দিনৰ সংস্পৰ্শলৈ অহা চামগুৰিৰ ৫ জনক ১৪ দিনলৈ কোৱাৰেণ্টাইনত ৰখা হৈছে।

চামগুৰিৰ মোৱামাৰী মডেল হস্পিতালত শুক্ৰবাৰৰ পৰা এই লোককেইজনক আছুতীয়াকৈ ৰখা হৈছে।

অসমৰ প্ৰথম জন কভিড-১৯ ত আক্ৰান্ত জামালুদ্দিনৰ লগত গুৱাহাটীৰ হাতীগাঁও কবৰস্তান মছজিদত অনুস্থিত এখন ধৰ্মীয় সভাত এই লোককেইজনে অংশগ্ৰহণ কৰিছিল।

চিকিৎসা বিভাগৰ এক সূত্ৰৰ পৰা জানিব পৰা মতে, ৰূপহীহাট আৰু চামগুৰি সমষ্টিৰ এই লোককেইজনৰ কভিড-১৯ ৰ পৰীক্ষাৰ ফলাফল ৰবিবাৰে জানিব পৰা যাব।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here