চিকিৎসাৰ বাবে গৈ  চামগুৰিৰ এটা দৰিদ্ৰ পৰিয়াল গুজৰাটত আৱদ্ধঃ অৰ্থ সংকটত পৰা পৰিয়ালটোৱে অসম চৰকাৰলৈ জনাইছে কাতৰ আহ্বান

প্ৰাগজ্যোতিষ বাৰ্তা, চামগুৰিৰ পৰা বিদ্যুত জ্যোতি বৰা, ৯ মেঃ বিশ্বজুৰি ক’ৰ’ণা ভাইৰাছ সংক্ৰমণ ৰোধ কৰিবৰ বাবে দেশত অব্যাহত থকা লকডাউনৰ বাবে অসমৰ বিভিন্ন প্ৰান্তৰ লোক বহিঃৰাজ্যত আৱদ্ধ হৈ আছে ৷

তেনেসময়তে চামগুৰিৰ এটা দৰিদ্ৰ পৰিয়াল চিকিৎসাৰ বাবে গুজৰাটলৈ গৈ আৱদ্ধ হৈ থাকিব লগা হোৱাৰ লগতে অৰ্থ সংকটত পৰি সৰ্ব্বশ্ৰন্ত হ‘ব লগা হৈছে৷

জানিব পৰা মতে নগাঁও জিলাৰ চামগুৰিৰ উদমাৰি চাহ বাগানৰ মিন্টু মাহালী আৰু গীতা মাহালী নামৰ এহাল দম্পতী যোৱা ৩ ডিচেম্বৰ তাৰিখে কেঞ্চাৰ ৰোগৰ চিকিৎসাৰ বাবে আহমেদাবাদত থকা গুজৰাট কেঞ্চাৰ ইনছটিটিউট হস্পিতাললৈ গৈছিল মিন্টু মাহালীৰ পত্নী গীতা মাহালী(৩০) কেইবা বছৰ পূৰ্বৰে পৰা এক জটিল ৰোগত আক্ৰান্ত হৈ আছিল।

গীতা মাহালীক চিকিৎসকে দীৰ্ঘ দিনৰে পৰা চিকিৎসা কৰি আহিছিল যদিও কোনো ধৰণে সুস্থ নোহোৱাত উন্নত চিকিৎসাৰ বাবে মিন্টু মাহালীয়ে পত্নীক আহমেদাবাদৰ গুজৰাট কেঞ্চাৰ ৰিৰ্চাচ ইনছটিউট হস্পিতাললৈ লৈ যায়।

জটিল ৰোগত আক্ৰান্ত গীতাক গুজৰাটৰ চিকিৎসকে উন্নত চিকিৎসা কৰে যদিও কৰ্কট ৰোগৰ দৰে জটিল ৰোগৰ পৰা মুক্ত কৰিবলৈ বাঁও ভৰিখন কাটি দিব লগাত পৰে৷

সম্প্ৰতি বিগত ৬ টা মাহে গুজৰাট কেঞ্চাৰ ৰিৰ্চাছ ইনছটিটিউট হস্পিতালত মহিলাগৰাকী চিকিৎসাধীন অৱস্থাত আছে যদিও কিছু পৰিমানে সুস্থ হৈ উঠিছে বুলি জানিব পৰা গৈছে।

মহিলাগৰাকী ক্ৰমাৎ সুস্থ হৈ উঠা পৰিপ্ৰেক্ষিতত হস্পিতালখনৰ চিকিৎসকে গীতাক ঘৰলৈ উভতি যোৱাৰ পৰামৰ্শ দিয়ে যদিও লকডাউনৰ বাবে দুৰ্ভগীয়া দম্পত্তি হাল গুজৰাটতে আৱদ্ধ হৈ থাকিবলগীয়া হয়৷

ইতিমধ্যে মহিলাগৰাকীৰ চিকিৎসাৰ বাবে আৰ্থিক দুৰৱস্থাত ভোগা পৰিয়ালটোৱে ঘৰৰ সা-সম্প্ৰতি, মাটি বিক্ৰী কৰিবলগীয়া হৈ অৰ্থ সংকটত ভূগিবলগীয়া হৈছে৷

লকডাউনৰ সময়ছোৱাত গুজৰাটত আৱদ্ধ দৰিদ্ৰ পৰিয়ালটোয়ে উপ‍ায়হীন হৈ আহমেদাবাদৰ গুজৰাট কেঞ্চাৰ ৰিৰ্চাছ ইনছটিটিউট হস্পিতালৰ পৰা মাহালী দম্পত্তিৰ লগতে সদৌ অসম আদিবাসী ছাত্র সন্থাৰ বিষয়ববীয়া আৰু পৰিয়ালৰ লোকে অসমৰ মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱাল আৰু অসমৰ স্বাস্থ্য মন্ত্রী তথা বিত্ত মন্ত্রী হিমন্ত বিশ্ব শৰ্মাক যিকোনো প্ৰকাৰে অসমলৈ অনাৰ ব্যৱস্থা কৰি দিব লাগে বুলি কাতৰ আহ্বান জনায়।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here