দুখীয়া পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ অব্যাহত

প্ৰাগজ্যোতিষ বাৰ্তা, বাক্সাৰ পৰা ধীৰজ উপাধ্যায়, ১ এপ্ৰিলঃ সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচন আৰু বিটিচি বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কুমাৰীকাটা আঞ্চলিক সমিতিৰ যৌথ উদ্যোগত আজি বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত বৃহত্তৰ আঙাৰকাটা অঞ্চলৰ বিনোৱাপুৰ, লক্ষ্মীনাৰায়ণপুৰ, এন চি আঙাৰকাটা, বাগানবস্তি, পলাশবাৰী, শিৱপুৰ, সোণাৰীবস্তি, দৰঙাপাৰ, শান্তিপুৰ, অভয়াপুৰকে আদি কৰি মুঠ ৩১ টা চুবুৰীৰ প্ৰায় ৫০০ দুখীয়া পৰিয়ালৰ মাজত চাউল, দালি, মিঠা তেল, নিমখ আদি বিতৰণ কৰে।

কুমাৰীকাটা আৰক্ষী নিৰীক্ষণত বিতৰণ অনুষ্ঠানত উপস্থিত থাকে আঙাৰকাটা অঞ্চলৰ যুৱ সমাজ কৰ্মী উপেন চৌধুৰী, নৰেন দাস,বাক্সা জিলাৰ উপ সভাপতি মহাদেৱ চৌধুৰী, সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ সম্পাদক অধীৰ আৰ্য, বিটিচি বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ মুখ্য উপদেষ্টা সুজন পাল,বাক্সা জিলা সমিতিৰ কোষাধ্যক্ষক শান্তি মণ্ডল, কুমাৰীকাটা আঞ্চলিক সমিতি দুখনৰ সভাপতিদ্বয় মহেন্দ্ৰ ৰায়, পৰিতোষ আৰ্য্য প্ৰমুখ্যে দুয়োটা সংগঠনৰ বিষয়ববীয়া আৰু সদস্যসকল উপস্থিত থাকে।

ইপিনে এবিএমচুৰ কুমাৰীকাটা আঞ্চলিক সমিতিয়ে আজি ৰাতিপুৱা ন বজাৰ পৰা কুমাৰীকাটা, বাঁহবাৰী, নলঝৰা আদি অঞ্চলত চাউল,দালি, মিঠাতেল, নিমখ,ছয়াবিন আদি বিতৰণ কৰে।

দেশৰ প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰা লক ডাউনৰ প্ৰতি ৰাইজৰ লগতে এবিএমছুৱেয়ো সমৰ্থ জনাইছে।

এই লক ডাউন চলি থকা সময়ত ৰাইজৰ সহযোগত প্ৰায় পাঁচ শ দুখীয়া পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণৰ ব্যৱস্থা কৰিছে বুলি এবিএমছুৰ বিত্তীয় সম্পাদক জেহৰুল ইছলামে সাংবাদিকৰ আগত প্ৰকাশ কৰে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here