পুতুল দেৱীৰ অৱসৰকালীন গ্ৰন্থ উন্মোচন আৰু সম্বৰ্ধনা সভা সম্পন্ন

0
32

প্ৰাগজ্যোতিষ বাৰ্তা,ছিপাঝাৰ, ৩ ফেব্ৰুৱাৰীঃ কালি ছিপাঝাৰৰ ইতিহাসপ্ৰসিদ্ধ ঘোঁৰাবান্ধাৰ সাতঘৰীয়াত ছিপাঝাৰ বি জে ছোৱালী হাইস্কুলৰ শিক্ষয়িত্ৰী পুতুল দেৱীৰ সুদীৰ্ঘ কাল শিক্ষকতা জীৱনৰ অৱসৰৰ দিনটোতে তেওঁৰ অৱসৰকালীন ‘গ্ৰন্থ উন্মোচন আৰু সম্বৰ্ধনা সভা’ এখন অনুষ্ঠিত হৈ যায়।

অৱসৰী শিক্ষক চন্দ্ৰ কান্ত নাথৰ সভাপতিত্বত অনুষ্ঠিত এই সভাখনত ৰজনী কান্ত নাথ, নীলিমা বৰুৱা, ধীৰেন শইকীয়া আদিয়ে অংশগ্ৰহণ কৰে।

যথেষ্ট সংখ্যক আত্মীয় স্বজন,শুভাকাংক্ষী,সহকৰ্মী, স্থানীয় কেইবাখনো শিক্ষানুষ্ঠানৰ মূৰব্বী আৰু স্থানীয় লোকৰ উপস্থিতিত হোৱা উক্ত সভাত শিক্ষয়িত্ৰী পুতুল দেৱীৰ অৱসৰকালীন গ্ৰন্থ ‘জীৱন জেউতি’ উন্মোচন কৰে ছিপাঝাৰ সাহিত্য সভাৰ প্ৰাক্তন সভাপতি লোহিত কলিতাই।

উল্লেখ্য যে ‘জীৱন জেউতি’খনৰ সামগ্ৰীক পৰিকল্পনা পুতুল কুমাৰ শইকীয়া আৰু হৰেণ ডেকাৰ, সম্পাদনা পুতুল কুমাৰ শইকীয়াৰ।

উক্ত গাম্ভীৰ্যপূৰ্ণ সভাখনত পুতুল দেৱীৰ স্বামী বিশিষ্ট সাহিত্যিক হৰিন্দ্ৰ মোহন নাথে পৰিচালনা কৰা সম্বৰ্ধনা অনুষ্ঠানটোত অঞ্চলটোৰ কেইবাজনো আত্মীয় তথা নেতৃস্থানীয় লোকে পুতুল দেৱীৰ সফল কৰ্মজীৱনৰ বহু সজল স্মৃতি ৰেখাপাত কৰে।

সভাখনত নিৰ্দিষ্ট বক্তা হিচাপে জ্যেষ্ঠ সাংবাদিক, নিবন্ধকাৰ তথা গুৱাহাটীস্থিত পঞ্চদীপ জাতীয় বিদ্যালয়ৰ অধ্যক্ষ ধীৰেন শইকীয়াই তেওঁৰ ভাষনত ছিপাঝাৰৰ ঐতিহ্যমণ্ডিত আঠিয়াবাৰী গাঁৱৰ আদৰ্শ শিক্ষক প্ৰয়াত প্ৰদীপ চন্দ্ৰ নাথ আৰু শিক্ষয়িত্ৰী প্ৰয়াত প্ৰতীমা দেৱীয়ে তেওঁৰ সন্তান সন্ততিক দি অহা সুশিক্ষাৰ ফলত আজি আটাইকেইজন সন্তান প্ৰতিষ্ঠিত হৈছে বুলি উল্লেখ কৰি সেইখন সংস্কৃতিবান পৰিয়ালৰে ডাঙৰ বোৱাৰী হৈ পুতুল দেৱীয়ে সফলতাৰে পাৰিবাৰিক তথা শিক্ষকতাৰ দৰে পবিত্ৰ কৰ্মজীৱন সুচাৰুৰূপে পালন কৰাৰ বাবে প্ৰশংসা কৰে।

এই গাম্ভীৰ্যপূৰ্ণ সভাখনত ৰানু শইকীয়া,চিত্ৰাৰাণী বৰুৱাই গীত পৰিবেশন কৰে।

অৱসৰ প্ৰাপ্ত শিক্ষয়িত্ৰী পুতুল দেৱীয়ে তেওঁৰ সুদীৰ্ঘকালৰ বৰ্ণাঢ্য স্মৃতি সমবেত ৰাইজৰ আগত ডাঙি ধৰা সভাখনত শলাগৰ শৰাই আগবঢ়াই বিশিষ্ট লেখক হেৰম্ব কুমাৰ নাথে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here