বকতা মৌজাৰ দৰিদ্ৰ পৰিয়ালক ভাৰতীয় জনতা যুৱ মৰ্চাৰ খাদ্য সামগ্ৰী বিতৰণ

0
117

প্ৰাগজ্যোতিষ বাৰ্তা, শিৱসাগৰৰ পৰা অমৃত কুমাৰ শৰ্মা, ৬ এপ্ৰিলঃ ৰাজ্যজুৰি লকডাউন অব্যাহত থকাৰ সময়তে শিৱসাগৰ জিলাৰ বকতা মৌজাৰ বৰবাম গাঁও পঞ্চায়তৰ অন্তৰ্গত শ’লমাৰী, মৌচাল আৰু চেনিমৰা গাঁৱত ৪ এপ্ৰিল আৰু ৬ এপ্ৰিলত থাওৰা বিধানসভা সমষ্টিৰ ভাৰতীয় জনতা যুৱ মৰ্চাৰ সভাপতি তথা বৰবাম গাওঁ পঞ্চায়তৰ সভাপতি মানস বুঢ়াগোহাঁইৰ নেতৃত্বত যুৱ মৰ্চাৰ সক্ৰিয় কৰ্মী গোবিন শৰ্মা, হেমন্ত বৰুৱা , জিতু ভড়ালী, কনক নাথকে ধৰি কেইবাজনো যুৱকে লকডাউনৰ সময়ত গৃহবন্দী হৈ থকা প্ৰায় অৰ্ধশতাধিক দৰিদ্ৰ পৰিয়ালক সকাহ দিবৰ বাবে খাদ্য-সামগ্ৰী বিতৰণ কৰে৷

আনহাতে বকতা মৌজাৰ শ’লমাৰী গাঁৱৰ গাঁওৰক্ষী বাহিনী আৰু সচেতন ৰাইজে উক্ত গাঁৱত বিনা অনুমতিত বাহিৰা মানুহৰ প্ৰৱেশ নিষিদ্ধ কৰিছে৷ লগতে সকলোকে লকডাউন মানি চলি ঘৰতে থাকিবলৈ অনুৰোধ জনায়৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here