বাক্সাৰ কুমাৰীকাটাত গাঁওৰক্ষী বাহিনীৰ দ্বাৰা জলপানৰ ব্যৱস্থা

প্ৰাগজ্যোতিষ বাৰ্তা,বাক্সাৰ পৰা ধীৰজ উপাধ্যায়, ৩০ মাৰ্চঃ লকডাউনৰ সময়ত সমগ্ৰ দেশ তথা অঞ্চলসমূহত বাট-পথ সম্পূৰ্ণৰূপে স্তব্ধ হোৱা পৰিলক্ষিত হয়।

সেই সময়তে কুমাৰীকাটা-লতিবাৰী গাঁওৰক্ষী বাহিনীৰ দ্বাৰা ২৯ মাৰ্চত আৰক্ষী তথা অৰ্ধসামৰিক বাহিনীক কিছু জলপানৰ ব্যৱস্থা কৰে।

লকডাউনৰ সময়ত কুমাৰীকাটা আৰক্ষীৰ দল আৰু অৰ্ধসামৰিক বাহিনীয়ে বহু কষ্ট কৰি নিজৰ কৰ্তব্য সম্পাদন কৰি আছে, সেইগতিকে জলপানৰ ব্যৱস্থা কৰা বুলি লতিবাৰী গাঁওৰক্ষী বাহিনীৰ সম্পাদক গোপাল খড়কাই উৎসুক সাংবাদিকক জানিবলৈ দিয়ে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here