মহানগৰীৰ দক্ষিণ শৰণীয়াত এগৰাগী চৰকাৰী কৰ্মচাৰীয়ে দুখীয়া পৰিয়াললৈ আগবঢ়ালে খাদ্য সামগ্ৰী

প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটীৰ পৰা মনোজ ডেকা, ৯ এপ্ৰিলঃ বিশ্ব সন্ৰাস সৃষ্টি কাৰী ক’ৰ’ণা ভাইৰাছক লৈ বিশ্বৰ লগতে সমগ্ৰ দেশ আতংকিত হৈ আছে৷

এই মহামাৰীৰ ক’ৰ’ণা প্ৰতিৰোধৰ বাবে ইতিমধ্যে সমগ্ৰ দেশত লকডাউন অব্যাহত আছে ৷

ইয়াৰ বাবে অতি দৰিদ্ৰ পৰিয়াল যঠেষ্ট অসুবিধাৰ সন্মুখীন হৈছে, যাৰ বাবে এসাঁজ খাই এসাজ লঘণে থাকিবলগীয়াও হৈছে কোনো কোনো ঠাইত৷

অতি দুখীয়া মানুহখিনক চৰকাৰী কৰ্মচাৰীসকলে সামন্যতম সহায়ৰ হাত আগবঢ়াবলৈ ৰাজ্যচৰকাৰে আহ্বান জনায় আহিছে৷

ৰাজ্যৰ স্বাস্থ্য তথা বিত্ত মন্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কেইদিনমান আগতে সংবাদ মেল যোগে ৰাজ্যিৰ কৰ্মচাৰীসকলৰ লকডাউন সময়ছোৱাত দৰ্মহা কৰ্তন নকৰি ’ কৰ্মচাৰীসকলক দৰিদ্ৰ পৰিয়ালক সহায়ৰ হাত আগবঢ়াবলৈ অনুৰোধ জনায়৷

ইয়াৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বহু সংখ্যক কৰ্মচাৰীয়ে ইতিমধ্যে তেনে লোকক সহায়ৰ হাত আগবঢ়োৱা পৰিলক্ষিত হৈছে।

চৰকাৰৰ আহ্বানৰ প্ৰতি সহাৰি জনায় আজি সন্দিকৈ মহাবিদ্যালয় মুখ্য কাৰ্যালয় সহায়িকা ৰীতা দাস হাজৰিকায়ো নিজ বাসগৃহৰ সন্মুখত ৫ টা অতি দৰিদ্ৰ পৰিয়ালৰ মাজত সামগ্ৰী বিতাৰণ কৰা দেখা যায়৷

তেওঁ পৰিয়াল কেইটামানক পাঁচ কিলোগ্ৰাম চাউল, এক কিলোগ্ৰাম মছুৰ দাইল, এক কিলোগ্ৰাম আলু, এপেকেট মিঠাতেল আৰু নিমখ এপেকেটকৈ বিতাৰণ কৰা দেখা যায়৷

তেওঁৰ এই পদক্ষেপক স্হানীয় ৰাইজে আদৰনীয় বুলি অভিহিত কৰে৷উল্লেখ্য যে দক্ষিণ শৰণীয়া গান্ধী পথ নিবাসী ৰীতা ডেকা হাজৰিকাৰ এনেকুৱা পদক্ষেপে অঞ্চলটোৰ অন্যান্য চৰকাৰী কৰ্মচাৰীসকলকো আগবাঢ়ি আহিবলৈ উৎসাহিত কৰিব বুলি স্হানীয় একংশ ব্যক্তিয়ে মত ব্যক্ত কৰে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here