মাজবাটত ওদালগুৰি জিলা প্ৰশাসনৰ ক’ৰ’ণা’ সম্পৰ্কীয় পৰ্যালোচনা সভা

প্ৰাগজ্যোতিষ বাৰ্তা,মাজবাটৰ পৰা যতীন নাথ, ৫ এপ্ৰিলঃ ওদালগুৰি জিলাৰ মাজবাট পশু চিকিৎসালয়ৰ গেষ্ট হাউছত আজি দিনৰ ১১.৩০ বজাত অসম চৰকাৰৰ জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰিহণ দৈমাৰীৰ সঞ্চালনাত ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ ওপৰত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়।

উক্ত সভাত বিটিচিৰ কাৰ্যবাহী সদস্য শ্যাম চুণ্ডী, ওদালগুৰি জিলাৰ উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়া, বিটিচিৰ সচিব ভাস্কৰ জ্যোতি মান্তা, মাজবাট ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ধৃতিমান দাস,স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক তৈয়বুৰ ৰহমান, শ্ৰম পৰিদৰ্শিকা ডেইটী ৰয় চৌধুৰী, মাজবাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজা ইৰছাদ, ওৰাং প্ৰাথমিক চিকিৎসালয়ৰ ব্লক বিপিএম পংকজ কুমাৰ সভাপণ্ডীত আদিৰ লগতে ভালেকেইগৰাকী স্বাস্থ্য বিভাগৰ বিষয়াৰ লগতে বিভিন্ন বিভাগৰ মুৰব্বীসকল উপস্থিত থাকে।

উক্ত সভাতে মাজবাট ৰাজহ চক্ৰৰ অন্তৰ্গত বিভিন্ন অঞ্চলত ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতিৰোধৰ লগতে আগন্তুক দিনত যিকোনো পৰিস্থিতিৰে সন্মুখীন হ’ব পৰা ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ ব্যৱস্থা গ্ৰহণ কৰা বাবে সকলোকে সাজু হৈ থাকিবলৈ মন্ত্ৰী ৰিহণ দৈমাৰীয়ে কয়।

লগতে ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ ক্ৰতি নাথাকে তাৰ প্ৰতি লক্ষ্য ৰাখি সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণৰ বাবে বিভাগীয় কৰ্তৃপক্ষক ব্যৱস্থা গ্ৰহণ কৰাৰ পৰামৰ্শ প্ৰদান কৰে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here