মাজবাটত গাঞ্জাসহ এজনক আটকঃ মাজবাট আৰক্ষীৰ বৃহৎ সাফল্য

প্ৰাগজ্যোতিষ বাৰ্তা, মাজবাটৰ পৰা যতীন নাথ, ১১ মাৰ্চঃ ওদালগুৰি জিলাৰ মাজবাট আৰক্ষীয়ে ৯ মাৰ্চৰ পুৱা ৫ মান বজাত মাজবাট আৰক্ষী থানাৰ অন্তৰ্গত হাবিগাঁৱত মাজবাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজা ইৰছাদৰ নেতৃত্বত আৰক্ষীৰ এটা দলে এম এল ০৫ ০১৭৫ নম্বৰৰ এখন বগা ৰঙৰ মাৰুতি ৮০০ গাড়ীত তালাচি চলাই ৩ বেগত অনা প্ৰায় ২২ কেজি গাঞ্জা জব্দ কৰাৰ লগতে এজন ভাং ব্যৱসায়িক আটক কৰিবলৈ সক্ষম হয় ।

আটক কৰা লোক জন মাজবাট আৰক্ষী থানাৰ অন্তৰ্গত নাহৰজাৰ গাওঁৰ স্বৰ্গীয় ৰুদ্ৰ বাহাদুৰ চেত্ৰীৰ ল’ৰা কেদাৰ নাথ চেত্ৰী ওৰফে ক্ষেম বাহাদুৰ চেত্ৰী (৫০) বুলি জানিব পৰা গৈছে।

আৰক্ষীৰ সূত্ৰে জানিব পৰা মতে, যোৱা নিশা প্ৰায় ১২ মান বজাত মাজবাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজা ইৰছাদৰ নেতৃত্বত আৰক্ষীৰ দলে ওৰাং- ৰূপা পথত তালাচি চলাই থকা অৱস্থাত পুৱতি নিশা প্ৰায় ৪ মান বজাত বাহিপুখুৰী চাহ বাগিচাৰ ফালৰ বগা ৰঙৰ মাৰুতি ৮০০ গাড়ী এখন আহি থকা দেখা পায় ৰখাবলৈ কোৱাত গাড়ীখনৰ চালকে গাড়ীখন ৩০মিঃ ব্যৱধানৰ দূৰত্বত অন্য পথেৰে পলাই যায়।

আৰক্ষীৰ দলে মাৰুতী গাড়ীখনৰ পিছে পিছে খেদি গৈ মাজবাট আৰক্ষী থানাৰ এলেকাৰ হাবিগাঁওত পুৱা ৫মান বজাত গাঞ্জাসহ চালকজনক আটক কৰি থানালৈ আনে।

বাতৰি সংগ্ৰহ কৰালৈ আৰক্ষীয়ে অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here