মাজবাটৰ স্বেচ্ছাসেৱী সংগঠন ‘চিষ্টাৰ নিবেদিতা’ৰ উদ্যোগত দৈনিক মজুৰি কৰা পৰিয়াললৈ খাদ্য সামগ্ৰী বিতৰণ

প্ৰাগজ্যোতিষ বাৰ্তা,মাজবাটৰ পৰা যতীন নাথ, ৬ এপ্ৰিলঃ বিশ্বত্ৰাস ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আহ্বান জনোৱা লগ ডাউনৰ সময়ত ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে ওদালগুৰি জিলাৰ মাজবাট অঞ্চলৰ বিভিন্ন গাঁৱৰ দৈনিক মজুৰি কৰা পৰিয়ালৰ খাদ্য সামগ্ৰী নাতনিৰ প্ৰতি লক্ষ্য ৰাখি কিছু সকাহ দিবলৈ মাজবাটৰ স্বেচ্ছাসেৱী সংগঠন ‘চিষ্টাৰ নিবেদিতা’ৰ উদ্যোগত দুখীয়া দৈনিক মজুৰি কৰা পৰিয়াললৈ খাদ্য সামগ্ৰী বিতৰণ কৰে।

৫ এপ্ৰিল তাৰিখে স্বেচ্ছাসেৱী সংগঠনটোৰ সদস্যাসকলে মাজবাট ৰাজহ চক্ৰৰ এলেকাৰ খুছুৰাবাৰী, খৰামখা, মাজগাওঁ, বামুণী গাওঁ, দৰ্জীবস্তী, বাইগাপাৰা, মণিপুৰী বস্তী আৰু ছাপ্ৰাবাৰী গাঁৱৰ অতি দুখীয়া দৈনিক মজুৰি কৰা পৰিয়ালৰ ঘৰে ঘৰে গৈ খাদ্য সামগ্ৰী বিতৰণ কৰে।

স্বেচ্ছাসেৱী সংগঠন চিষ্টাৰ নিবেদিতা’ৰ এই মহানুভাৱক স্থানীয় ৰাইজে ভূয়সী প্ৰশংসা কৰে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here