মাজবাট আঞ্চলিক মহিলা সমিতিৰ দৈনিক মজুৰি কৰা পৰিয়াললৈ খাদ্য সামগ্ৰী বিতৰণ

প্ৰাগজ্যোতিষ বাৰ্তা, মাজবাটৰ পৰা যতীন নাথ, ২ এপ্ৰিলঃ ক’ৰ’ণা ভাইৰাছ সংক্ৰমণ ৰোধ কৰাৰ বাবে প্ৰধানমন্ত্ৰী মোডীয়ে আহ্বান জনোৱা লকডাউনৰ সময়ত মাজবাট অঞ্চলৰ কেইবাখনো গাঁৱত আজি মাজবাট আঞ্চলিক মহিলা সমিতিৰ তৰফৰ পৰা দুখীয়া পৰিয়ালসমূহলৈ খাদ্য সামগ্ৰী বিতৰণ কৰা হয়।

মাজবাট ৰাজহ চক্ৰ এলেকাৰ সোনাপুখুৰী, বিষ্ণু নগৰ , খৰামখা , মাজবাট টাউন , ন-মাটি (ক) মহলিয়াপাৰ, হাতীবিল আদি কেইবাখনো গাঁৱৰ দৈনিক হাজিৰা কৰি খোৱা প্ৰায় ২৫০ টা পৰিয়ালৰ ঘৰে ঘৰে গৈ চাউল , আটা , ডালি , আলু , তেল , নিমখ আদি খাদ্য সামগ্ৰী বিতৰণ কৰাৰ লগতে পৰিয়ালসমূহক লকডাউনৰ সময়ত ঘৰৰ ভিতৰত থকাৰ লগতে পৰিস্কাৰ পৰিচন্নতাভাৱে থাকিবলৈ আহ্বান জনাই।

খাদ্য সামগ্ৰী বিতৰণ কৰাৰ সময়ত মাজবাট আঞ্চলিক মহিলা সমিতিৰ সভানেত্ৰী মিনতি পাটোৱাৰী , সম্পাদিকা নিলিমা দাস, উপদেষ্টা ৰেনু বৰুৱা , প্ৰাক্তন সম্পাদিকা ৰিমা পাঠক , সদস্য অকনী কলিতা আদি উপস্থিত থাকে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here