লংকাৰ কাকীত PMGSY পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিঃ ঠিকাদাৰৰ বিৰূদ্ধে অতি নিম্নমানৰ কাম কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ

প্ৰাগজ্যোতিষ বাৰ্তা,লংকাৰ পৰা ভূপেন্দৰ সিং বাবু,১৯ মাৰ্চঃ দূৰ্নীতি, ভ্ৰষ্টাচাৰক মূলমন্ত্ৰ হিচাপে লৈ শাসনভাৰ লোৱা বিজেপি চৰকাৰখনৰ দিনতেই যেন বৃদ্ধি পাইছে দুৰ্নীতি, ভ্ৰষ্টাচাৰ।

সকলোতেই যেন দুৰ্নীতি আৰু দুৰ্নীতি,তাৰেই এক প্ৰমাণ হোজাই জিলাৰ লংকাৰ কাকীত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত ৩৫২.৭৮ লাখ ব্যয় সাপক্ষে ৰামনগৰৰ পৰা ৰামনগৰ এফ.ভি.লৈকে নিৰ্মাণ হৈ থকা মুঠ ৫.৬৫০ কি.মি. পথটি।

স্থানীয় ৰাইজৰ মতে, ঠিকাদাৰে পথ নিৰ্মাণত সংঘটিত কৰিছে ব্যাপক দুৰ্নীতি।

ৰাইজৰ অভিযোগ অনুসৰি বিভাগীয় কৰ্ত্তীপক্ষৰে মিলি ঠিকাদাৰে অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি নিৰ্মাণ কৰিছে পথটো কাম,যাৰ পৰিপ্ৰেক্ষিতত ৰাইজে নিৰ্মীয়মান পথত ঠিকাদাৰ আৰু গড়কাপ্তানী মন্ত্ৰী গ’বেক আদি ধ্বনিৰে উত্তাল প্ৰতিবাদ কৰি বন্ধ কৰি দিয়ে পথ নিৰ্মাণৰ কাম,লগতে উন্নতমানৰ কাম নকৰিলে অনিৰ্দিষ্ট কাললৈ পথ নিৰ্মানৰ কাম বন্ধ ৰখাৰ হুঙ্কাৰ প্ৰদান কৰে স্থানীয় ৰাইজে।

এতিয়া প্ৰশ্ন হয় দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰ বিৰূদ্ধে মাত মতাৰ কথা কোৱা বিজেপি চৰকাৰখনে এনে ঠিকাদাৰ আৰু দুৰ্নীতি গ্ৰস্ত বিষয়াৰ বিৰূদ্ধে কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে নে দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ বিৰূদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে বুলি মুখেৰে ফুলজাৰি উৰাই থাকিব,সেয়া পৰবৰ্তী সময়ত লক্ষ্যনীয় হ’ব।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here