লকডাউনৰ মাজতে পূব-বৰভগীয়া গাঁৱৰ এক শলাগনীয় পদক্ষেপ

প্ৰাগজ্যোতিষ বাৰ্তা, মৰিগাঁৱৰ পৰা মনীষা শৰ্মা, ৮ মেঃ সমগ্র বিশ্বজুৰি লকডাউনৰ সময়চোৱাত সকলো শিক্ষানুষ্ঠান বন্ধৰ সময়তে মৰিগাঁও জিলাৰ চৰাইবাহী অঞ্চলৰ পূব-বৰভগীয়া গাঁৱৰ যুৱকসকলে এক সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে।

মৰিগাঁও জিলা ছাত্র সন্থাৰ সাধাৰণ সম্পাদক দিপুল কুমাৰ নাথৰ নেতৃত্বত আৰু উদয়াস্ত আলিবাট অসমৰ উপদেষ্টা ভাৰ্গৱ কুমাৰ নাথ, তন্ময় নাথ, ধ্ৰুৱ জ্যোতি নাথ, মৃন্ময় নাথ, মানৱ নাথ, কৌস্তুভ নাথ আদি সকলো যুৱকৰ সহযোগত এই কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

ক’ৰ’ণা ভাইৰাছৰ প্ৰকোপত সমগ্র দেশ যদিও লকডাউনত বিধ্বস্ত, তেনে সময়তে পূব-বৰভগীয়া গাঁৱৰ উদীয়মান যুৱকসকলৰ এই পদক্ষেপক বিদ্বোৎ মহলে শলাগ লৈছে।

সামাজিক দূৰত্ব মানি চলি গাঁৱৰ সকলো ছাত্র-ছাত্রীকে পাঠদানৰ সুবিধা কৰিছে।

ইতিমধ্যে গাঁৱৰ সকলো ৰাইজ তথা শিক্ষিত সমাজে পূব-বৰভগীয়া গাঁৱৰ এই পদক্ষেপক শলাগ লৈছে।

ইতিমধ্যে এই পাঠদান কাৰ্যসূচী ১০ দিন পাৰ হৈছে আৰু অভিভাৱকসকল নথৈ আনন্দিত হৈছে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here