লক্ ডাউনৰ মাজতে গুৱাহাটীৰ পাচলিৰ দোকানত ভীৰঃ আৰক্ষীৰ সহায়ত চানমাৰিত পাচলিৰ দোকান বন্ধঃ আৰক্ষীৰ কঠোৰ সকীয়নী নিয়ম উলংঘাকাৰী ব্যৱসায়ী হ’ব শাস্তিৰ সন্মুখীন

0
18

প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটীৰ পৰা মনোজ ডেকা,২৭ মাৰ্চঃ ক’ৰ’ণা ভাইৰাছক লৈ বিশ্বৰ লগতে ভাৰত বৰ্ষত এক আতংক মই পৰিবেশ সৃষ্টি হৈছে ৷ সেইবাবে এই ভাইৰাছৰ পৰা হাত সাৰিবলৈ দেশৰ জনসাধাৰণক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে হাতযোৰ কৰি অনুৰোধ কৰিছে যে লকডাউনৰ সময়ত মানুহ বাহিৰলৈ ওলাই আহিব নালাগে৷

ইয়াৰ সমান্তৰালভাৱে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল’ আৰু বিত্ত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে অনুৰোধ জনাই আহিছে যে লকডাউনৰ সময়ত জৰুৰী কোনো কাম নাথাকিলে বাহিৰলৈ ওলাই আহিব নালাগে৷

ইয়াৰ পিছতো যেনিবা এচাম মানুহৰ কোনা সাবধনতা বুলি একোৱে নাই৷যি কোনো অজুহাত দেখুবাই বাহিৰলৈ ওলাই অহাৰ ইচ্ছা৷

আজি শাক পাচলি, মাছ-মাংস, ফল-মূলৰ দোকান খুলিব বুলি বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিব পালেহে মাত্ৰ৷ যোগান বিভাগে যোগান ধৰিবলৈ অনা পাচলিৰ দোকানত যঠেষ্ট ভীৰ দেখা গ’ল৷

মহানগৰীৰ শিলপুখুৰী’ উলুবাৰীৰ পাচলিৰ দোকানত লানি নিছিগা লাইন৷ বহুতে শাৰী পাতিও পাছলি কিনিবলৈ নাপালে বুলি অভিযোগ উত্থাপন হৈছে৷

ইয়াৰ মাজতে চানমাৰি থানৰ সমীপত পূৱ গুৱহাটী উচ্চ বিদ্যালয়ৰ সন্মুখত এখন পাছলিৰ দোকানত যঠেষ্ট ভীৰ দেখা গৈছে ৷

চৰকাৰৰ কোনো নীতি নিয়ম নামানি হেতাওপৰা কৰিছে গ্ৰাহকসকলে৷এই বিষয়ে আমি সংবাদকৰ্মী হিচাপে তাত উপস্থিত থকা গ্ৰাহকসকলক সামাজিক দুৰত্ব বজাই ৰাখি শাৰী পাতিবলৈ অনুৰোধ জনাও যদিও আমাৰ কোনো কথা ব্যৱসায়ীজনৰ লগতে গ্ৰাহকসকলে গুৰুত্বই নিদিছিল ৷

অবশেষত চানমাৰি থানত নিজে উপস্থিত হৈ আৰক্ষীক অৱগত কৰাত আৰক্ষীয়ে আহি পাচলিৰ দোকানখন বন্ধ কৰি দিবলগীয়া হয়৷ এইক্ষেত্ৰত এটা কথা মন কৰিবলগীয়া যে ঘটনাস্থলীত উপস্থিত থকা সচেতন ব্যক্তিসকলে সততে সংবাদ কৰ্মীকহে অভিযোগ দিয়ে কিন্তু আৰক্ষীক অভিযোগ দিবলৈ অনিহা প্ৰকাশ কৰা দেখা যায়, এনেকুৱা দুঃসময়ত বিষয়টো কিন্তু চিন্তনীয়!

সি যিয়ে নহওক কিয় লক ডাউনৰ সময়ত যদি এনেকৈ মানুহ বাহিৰলৈ ওলায় আহে৷তেতিয়া যানো লক ডাউনৰ কিবা প্ৰয়োজনীয়তা থাকিব?

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here