সমগ্ৰ দেশত ১৪ এপ্ৰিলৈ লক্ ডাউন ঘোষণা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰঃ গুৱাহাটীত নিয়ম ভংগকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ কঠোৰ পদক্ষেপঃ একাংশই লক ডাউনক ভেঙুচালি কৰি ওলাই আহিল ৰাজপথলৈ

প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটীৰ পৰা মনোজ ডেকা,২৭ মাৰ্চঃ ক’ৰ’ণা ভাইৰাছৰ প্ৰতিৰোধৰক কৰে দেশৰ প্ৰধান মন্ৰী নৰেন্দ্ৰ মোদীয়ে ২৪ মাৰ্চ তাৰিখে নিশা ৮ বজাত সমগ্ৰ দেশবাসী জনতাক সম্বোধন কৰি অহা ১৪ এপ্ৰিললৈ সমগ্ৰ দেশত লক্ ডাউন ঘোষণা কৰে৷

প্ৰধানমন্ত্ৰী গৰাকীয়ে কৈছে ক’ৰ’ণাৰ পৰা দেশবাসী ৰক্ষা পাবলৈ হ’লে লক ডাউন কৰিব লাগিব৷ইয়াৰ বাহিৰে বিকল্প নাই৷

বিশ্বৰ স্বাস্থ্যত আগশাৰী ৰাষ্ট্ৰ আমেৰিকা’ ইটালীৰ দৰে দেশে এই ক’ৰ’ণাৰ পৰা পৰিত্ৰাণ পোৱা নাই তাৰ তুলনাত ভাৰত অতি নগণ্য৷

তেনেস্হলত আমৰ দেশৰ নাগৰিকসকলে সামাজিক দূৰত্ব বজাই ৰাখিব লাগিব ৷ ২১ দিন সকলো জনসাধাৰণক নিজৰ ঘৰত সোমাই থাকি ক’ৰ’ণা প্ৰতিৰোধৰ ক্ষেত্ৰত সহযোগ কৰিবলৈ দেশবাসীক আহ্বান জনায় মোডীয়ে৷

তেওঁ বিশ্ব স্বাস্থ্যৰ এক তথ্য উল্লেখ কৰি কয় এজন ক’ৰ’ণাত আক্ৰান্ত ব্যক্তিৰ পৰা ৬৬ দিনত এক লোখ আক্ৰান্ত হয়৷

পৰবৰ্তী ১১ দিনৰ পিছত এক লাখ ব্যক্তি আক্ৰান্ত হয়৷ ইয়াৰ ৪ দিন পিছত পুনৰ এক লাখ ব্যক্তি আক্ৰান্ত হ’ব এই ক’ৰ’ণা ভাইৰাছত৷

সেইবাবে মোডীয়ে দেশবাসী জনসাধাৰণক ২১ দিন ঘৰত থাকি ক’ৰ’ণা প্ৰতিৰোধত সহায় কৰিবলৈ হাতযোৰ কৰি নৰেন্দ্ৰ মোডীয়ে আহ্বান জনায়৷

মোডীৰ সমগ্ৰ দেশ লক্ ডাউন ঘোষণা কৰাৰ পিছত আজি ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীত ব্যাপক প্ৰভাব পৰিছে৷

মহানগৰীৰ বিভিন্ন স্হানত আৰক্ষী, অৰ্ধসামৰিক বাহিনীৰ দলে পথৰ ঠায়ে ঠায়ে বৃহৎ তালাচী আৰম্ভ কৰিছে৷

প্ৰতিজন ব্যক্তিক তন্নতন্নকৈ পৰীক্ষা কৰিছে৷ তাৰ মাজতে এচাম শিক্ষিত তথাচ অসচেতন ব্যক্তিক ঘৰৰ বাহিৰলৈ নোলাবলৈ সকীয়াই দি ওভতাই পঠিয়াই৷

২৪ঘন্টীয়া জৰুৰী সেবাৰ লগতে যিসকলক লক্ ডাউনৰ পৰা ৰেহাই ঘোষণা কৰিছে তাৰ বাহিৰে কম সংখ্যক ব্যক্তি বাহিৰত ওলোৱা দেখা গৈছে৷

অযথা ঘুৰি ফুৰা ব্যক্তিসকলৰ বিৰুদ্ধে আৰক্ষী যঠেষ্ট কঠোৰ হোবা দেখা গৈছে৷ ঠায়ে ঠায়ে লাঠিচাৰ্জ কৰাৰ কথাও জানিব পৰা গৈছে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here