সমগ্ৰ ভাৰতবৰ্ষত লকডাউন অব্যাহত থকাৰ সময়তে শিৱসাগৰ প্ৰশাসনে হাতত লৈছে সতৰ্কতা আৰু সজাগতামূলক পদক্ষেপ

প্ৰাগজ্যোতিষ বাৰ্তা,শিৱসাগৰৰ পৰা অমৃত কুমাৰ শৰ্মা, ২ এপ্ৰিলঃ  বিশ্বজুৰি মহামাৰীৰ ৰূপ লোৱা নভেল ক’ৰ’ণা ভাইৰাছ (COVID-19)-ৰ বিৰুদ্ধে সমগ্ৰ ভাৰতত লকডাউন চলি থকাৰ সময়ত শিৱসাগৰ জিলা প্ৰশাসনে গ্ৰহণ কৰি আহিছে বিভিন্ন সতৰ্কতা আৰু সজাগতামূলক পদক্ষেপ।

শিৱসাগৰ জিলা প্ৰশাসনৰ নিৰ্দেশনা মৰ্মে আমগুৰি ৰাজহ চক্ৰৰ অধীনৰ আমগুৰি চাহ বাগিচাত বাগিচা কতৃপক্ষই গ্ৰহণ কৰিছে বিভিন্ন সতৰ্কতামূলক পদক্ষেপ।

ইতিমধ্যে বাগানৰ শ্ৰমিকসকলক এই মহামাৰীৰ বিৰুদ্ধে সজাগ কৰিবলৈ গ্ৰহণ কৰা হৈছে এলানি কাৰ্য্যসূচী৷

এই কাৰ্য্যসূচীৰ ভিতৰত অন্যতম আছিল বাগানৰ শ্ৰমিকসকলক হাত ধোৱাৰ ওপৰত সজাগ কৰা ৷

ইয়াৰোপৰি বাগানৰ জনবহুল এলেকাসমূহৰ চাফাই কৰাৰ লগতে বাগান এলেকাত জীৱাণুনাশক স্প্ৰে কৰা হৈছে।

বাগিচা কতৃপক্ষই বাগিচাৰ চিকিৎসালয়ত আছুতীয়া কক্ষৰ ব্যৱস্থা কৰাৰ লগতে শ্ৰমিকসকলৰ মজুৰিৰ লগতে আৱশ্যকীয় খাদ্য-সামগ্ৰীসমূহ শ্ৰমিকসকলৰ মাজত নিৰ্দিষ্ট দূৰত্ব বৰ্তাই ৰাখি বিতৰণ কৰাৰ ব্যৱস্থা কৰিছে।

আনহাতে জিলা প্ৰশাসনৰ উক্ত প্ৰচেষ্টাক হিন্দু সুৰক্ষা-সেনা অসমৰ শিৱসাগৰ জিলা সমিতিয়ে ভূয়সী প্ৰশংসা কৰিছে ৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here