সান্ধ্য আইনক বুঢ়া আঙুলি দেখুৱাই কোনো প্ৰাৰম্ভিক স্বাস্থ্য পৰীক্ষা নকৰাকৈ শিৱসাগৰত উপস্থিত কৰিমগঞ্জৰ পৰা অহা এখন যাত্ৰীবাহী বাছঃ শিৱসাগৰত হাহাকাৰ পৰিস্থিতি

প্ৰাগজ্যোতিষ বাৰ্তা, শিৱসাগৰৰ পৰা অমৃত কুমাৰ শৰ্মা, ১১ মেঃ কোনো সান্ধ্য আইন নমনাকৈ, কোনো প্ৰাৰম্ভিক স্বাস্থ্য পৰীক্ষা নকৰাকৈ প্ৰশাসনক বুঢ়া আঙুলি দেখুৱাই ১০ মে’ত কৰিমগঞ্জৰ পৰা প্ৰায় ২৪/২৫ জন সন্দেহজনক শ্ৰমিক লৈ AS-10 C 4077 নম্বৰৰ এখন যাত্ৰীবাহী বাছ শিৱসাগৰত উপস্থিত৷ গন্তব্যস্থল সোণাৰি।

শিৱসাগৰ নগৰৰ এ এছ টি চিৰ সন্মুখত পংকজ বৰুৱা নামৰ এজন সচেতন ব্যক্তিৰ তৎপৰতাত কিছু লোকে বাছখনৰ চালকক সোধপোছ কৰাত আঁৰৰ ৰহস্য ওলাই পৰে৷

উল্লেখযোগ্য যে, অহা ৰাস্তাত ক’তো ভোলানাথ নামৰ বাছখনৰ যাত্ৰীসকলৰ স্বাস্থ্য পৰীক্ষা কৰাৰ ব্যৱস্থা নাছিল আৰু ৰহস্যজনকভাৱে নিৰাপত্তাৰক্ষীৰ কোনো বাধাৰো সন্মুখীন হোৱা নাছিল ।

ৰাইজৰ তীব্ৰ হেঁচাত জিলা প্ৰশাসনে উক্ত বাছখন যোৰহাটলৈ পৰীক্ষাৰ বাবে পঠিয়াবলৈ বাধ্য হয়। সমগ্ৰ বিষয়টোৱে জিলা প্ৰশাসনৰ ফোপোলা স্বৰূপটোকে উদঙাই দেখুওৱাৰ লগতে শিৱসাগৰৰ ৰাইজৰ মাজত আতংকময় পৰিবেশৰ সৃষ্টি কৰিছে ৷

আনহাতে হিন্দু ৰক্ষা-সেনা অসম আৰু হিন্দু ক্ৰান্তি দলৰ শিৱসাগৰ জিলা সমিতিয়ে বিষয়টো ৰহস্যজনক বুলি অভিহিত কৰাৰ লগতে বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ ঘটনাৰ উচ্চস্তৰৰ তদন্তৰ দাবী জনাইছে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here