স্বতন্ত্ৰ ৰাজ্যিকমন্ত্ৰী যোগেন মহনৰ উপস্থিতিৰে শিৱসাগৰ উপায়ুক্ত কাৰ্যালয়ত নভেল ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতিৰোধ সন্দৰ্ভত পৰ্যালোচনা সভা

প্ৰাগজ্যোতিষ বাৰ্তা,শিৱসাগৰৰ পৰা অমৃত কুমাৰ শৰ্মা, ১৯ মাৰ্চঃ শিৱসাগৰ জিলাত নভেল ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতিৰোধৰ বাবে জিলা প্ৰশাসনৰ তৰফৰ পৰা গ্ৰহণ কৰা সতৰ্কতামূলক ব্যৱস্থা সন্দৰ্ভত পৰ্যালোচনা কৰাৰ বাবে জিলা উপায়ুক্ত কাৰ্যালয়ৰ চ্যুকাফা সভাকক্ষত ১৬ মাৰ্চত বিভিন্ন বিভাগৰ বিষয়াসকলৰ সৈতে এক বৈঠক অনুষ্ঠিত হয়।

বৈঠকত অংশগ্ৰহণ কৰি অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ স্বতন্ত্ৰ তথা গড়কাপ্তানি বিভাগৰ ৰাজ্যিক মন্ত্ৰী যোগেন মহনে নিজ বক্তব্যত নভেল ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণ প্ৰতিহত কৰাৰ বাবে ৰাইজৰ মাজত সতৰ্কতামূলক ব্যৱস্থাৱলীৰ বিষয়ে বহুলভাৱে সজাগতা বৃদ্ধি কৰিবলৈ স্বাস্থ্য বিভাগ প্ৰমুখ্যে সকলো চৰকাৰী বিভাগৰ বিষয়া-কৰ্মচাৰীসকলক আহ্বান জনায়।

তেওঁ ৰাইজক কোনোধৰণৰ উৰাবাতৰিক প্ৰশ্ৰয় নিদিবলৈ আৰু ভীতিগ্রস্ত নহ’বলৈও আহ্বান জনায়।

তেওঁ এইক্ষেত্ৰত গাঁও আৰু পঞ্চায়ত পৰ্যায়ত সজাগতা বৃদ্ধিৰ পোষকতা কৰে।

থাওৰা সমষ্টিৰ বিধায়ক কুশল দুৱৰী আৰু জিলা উপায়ুক্ত লক্ষীনন্দন গগৈৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত জিলা স্বাস্থ্য সেৱা বিভাগৰ যুটীয়া সঞ্চালক স্যামন্ত মাধৱ শৰ্মাই নভেল ক’ৰ’ণা ভাইৰাছৰ লক্ষণ, ইয়াৰ প্ৰতিৰোধৰ বাবে জিলা পৰ্যায়ত গ্ৰহণ কৰা সতৰ্কতামূলক ব্যৱস্থা আদি সন্দৰ্ভত বিস্তৃত প্ৰতিবেদন আগবঢ়ায়।

তেওঁ স্বাস্থ্য সেৱা বিভাগৰ তৰফৰ পৰা ডাঃ হেমন্ত কুমাৰ বৰুৱাক ন’ডেল বিষয়া হিচাপে লৈ এটি তাৎক্ষণিক সঁহাৰি দল(Rapid Response Team) ইতিমধ্যে গঠন কৰা হৈছে বুলি সদৰী কৰে।

ইয়াৰোপৰি ক’ৰ’ণা ভাইৰাছ সংক্ৰমিত দেশ-ৰাজ্যৰ পৰা অহা ব্যক্তি বা এই ভাইৰাছ সংক্ৰমিত হোৱা বুলি সন্দেহ হোৱা ব্যক্তিক আছুতীয়াকৈ নিৰীক্ষণ কৰা বা ৰখাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিষয়েও তেওঁ উল্লেখ কৰে।

থাওৰা সমষ্টিৰ বিধায়ক কুশল দুৱৰীয়ে জিলা প্ৰশাসন, আৰক্ষী বিভাগ আৰু সকলো চৰকাৰী বিভাগকে ঐক্যবদ্ধভাৱে নভেল ক’ৰ’ণা ভাইৰাছৰ প্ৰতিৰোধৰ ক্ষেত্ৰত কাম কৰি যাবলৈ আহ্বান জনায়।

বৈঠকত জিলা উপায়ুক্তই ইতিপূৰ্বে আৱৰ্ত ভৱনত অতিৰিক্ত উপায়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মুখ্য কাৰ্য্যবাহী বিষয়াৰ তত্বাৱধানত এক জিলাস্তৰীয় নিয়ন্ত্ৰণ কক্ষ মুকলি কৰা হৈছে বুলি উল্লেখ কৰে।

জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অন্তৰ্গত জিলা আপাতকালীন সঞ্চালন কেন্দ্ৰ (DEOC)ত দিনে-নিশাই সক্ৰিয়৷

এই নিয়ন্ত্ৰণ কক্ষৰ যোগাযোগ নম্বৰ ১০৭৭ (টোল ফ্রী), ০৩৭৭২-২২৩৩৯৭ আৰু ৮৪৭১৮-৬৪৩৫৫ -ত শিৱসাগৰ জিলাবাসীয়ে নভেল ক’ৰ’ণা ভাইৰাছ সম্পৰ্কীয় যিকোনো তথ্য, পৰামৰ্শ অথবা সহায়ৰ বাবে যোগাযোগ কৰিব পাৰিব বুলিও তেওঁ উল্লেখ কৰে।

উক্ত বৈঠকত আৰক্ষী অধীক্ষক অমিতাভ সিনহা, জিলা উন্নয়ন আয়ুক্ত নৱাব আল আজহাৰ আলী, অতিৰিক্ত উপায়ুক্ত মুন গগৈ, অতিৰিক্ত উপায়ুক্ত বিদিত দাস, অতিৰিক্ত উপায়ুক্ত জুনুমণি সোণোৱাল, জিলা সমাজকল্যাণ বিষয়া দিপালী দেৱী, অসামৰিক প্ৰতিৰক্ষা বিভাগৰ উপ-নিয়ন্ত্ৰক প্ৰাণজিৎ দত্তৰ উপৰিও বিভিন্ন বিভাগৰ বিষয়াসকল উপস্থিত থাকে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here