হোজাই জিলাত লক্ ডাউনক লৈ কটকটীয়া নিৰাপত্তাঃ আৰক্ষীয়ে জব্দ কৰে বিশখন দুচকীয়া বাহন

প্ৰাগজ্যোতিষ বাৰ্তা,লংকাৰ পৰা ভূপেন্দৰ সিং বাবু,২৭ মাৰ্চঃ ক’ৰ’ণা সংক্ৰমণৰ পৰা ভাৰতবৰ্ষৰ জনতাক ৰক্ষা কৰিবলৈ দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশজুৰি তিনি সপ্তাহৰ অৰ্থাৎ ২১ দিনৰ বাবে ঘোষণা কৰিছে ল’ক ডাউন।

প্ৰধানমন্ত্ৰীৰ নিৰ্দেশক সন্মান জনাই হোজাই জিলাত ৰাইজে পালন কৰিছে লক ডাউন।

হোজাই আৰু লংকা চহৰত আৰু কাকীত বন্ধ হৈ পৰিছে দোকান-পোহাৰ তথা ব্যৱসায়ীক যান-বাহন।

তাৰ সমান্তৰালভাৱে ৰাজপথত দিনে নিশাই সষ্টম হৈ আছে আৰক্ষী প্ৰশাসন।

কিন্তু কিছু উদণ্ড যুৱকে লকডাউন তথা আৰক্ষী লৈ কেৰেপ নকৰি নানান অজুহাত দেখুৱাই ৰাজপথত ঘুৰিফুৰা তথা দুচকীয়া বাহন লৈ ঘুৰি ফূৰাত আৰক্ষীয়ে জব্দ কৰিছে কেইবাখনো দুচকীয়া বাহন।

লংকাতো বিশখনতকৈও অধিক বাহন আৰক্ষীয়ে জব্দ কৰি ৰাখিছে আৰক্ষী থানাৰ চৌহদত।

আনহাতে আকৌ লংকাৰ দাঁতিকাষৰীয়া উদালীৰ নতুন বজাৰতো আজি সন্ধিয়া লকডাউন অমান্য কৰি স্হানীয় ক্ষুদ্ৰ ব্যৱসায়ীয়ে পূৰ্বৰ দিনৰ দৰে খুলিছিল দোকান-পোহাৰ।

দোকানৰ সম্মুখত ভিৰ হৈছিল স্হানীয় ৰাইজৰ। পিছত ঘটনাস্থলিত উদালী আৰক্ষী চকীৰ দল উপস্হিত হৈ দোকান-পোহাৰ বন্ধ কৰাৰ লগতে স্হানীয় ৰাইজক ঘৰলৈ ওভটাই পঠিয়াই।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here