২০১৮-১৯ বর্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আৰু হাইমাদ্ৰাছাৰ পৰীক্ষা ফলাফলৰ দিন ঘোষণা

👉 ১৫মে’ তাৰিখে ছেবাই ঘোষণা কৰিব বিগত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আৰু হাইমাদ্ৰাছাৰ পৰীক্ষাৰ ফলাফল। প্রাপ্ত তথ্য অনুসৰি পূৰ্বৰ বছৰৰ দৰে এইবাৰো দিনৰ ৯ বজাত ঘোষণা কৰা হ’ব পৰীক্ষাৰ ফলাফল।

👉 ফলাফল ঘোষণা কৰাৰ বাবে ছেবাই ১০টা বিশেষ ৱেবচাইটৰ যোগে ফলাফল লাভ কৰিব পাৰিব বুলি ইতিমধ্যে ঘোষণা কৰিছে। আনহাতে সকলো পৰীক্ষাৰ্থীৰ সুবিধাৰ্থে এছএমএছৰ জৰিয়তেও ফলাফল লাভ কৰিব পাৰিব ।

👉 আনহাতে ছেবা কৰ্তৃপক্ষৰ পৰা জানিব পৰা অনুসৰি ফলাফল ঘোষণা দিনা দিনৰ ১১ বজাত ছাত্ৰ-ছাত্ৰী সকলে নিজৰ বিদ্যালয়ত লাভ কৰিব মাৰ্কচিট আৰু চাৰ্টিফিকেট।

👉 এইবাৰ মেট্ৰিক আৰু হাইমাদ্ৰাছৰ পৰীক্ষাত মুঠ ৩লাখ ৫৪হাজাৰ ১৪৩ গৰাকীৰ ছাত্ৰ-ছাত্ৰী অৱৰ্তীন হৈছে। উল্লেখ যে শনিবাৰে ছেৱা বৰ্ডৰ সভাত ঘোষণা কৰা হৈছে পৰীক্ষাৰ ফলাফলৰ নিৰ্দিষ্ট দিনটো।

👉 এই বর্ষৰ ছেৱাই পূৰ্বৰ বছৰ সমূহৰ দৰে ফলাফল ঘোষণাত যাতে কোনো ভুল ৰৈ নাযায় তাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে ছেবাই।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here