বৰ্তমান সমাজ জীৱনত, গ্ৰাম্য জীৱনত এক ভয়ংকৰ প্ৰতিবন্ধক হিচাপে থিয় দিছে তৃণমূল পৰ্যায়ত সামাজিক খেলিমেলি কিছুমানে। গ্ৰাম্য সমাজত গ্ৰাম্য অৰ্থনীতি থমকি ৰৈছে। মানুহে কৰ্মসংস্কতি পাহৰি পেলাইছে। ভোগবাদত ব্যস্ত হৈ পৰিছে। সকলো দিশতে যেন মানুহে নিজস্বতা হেৰুৱাইছে! অৱশ্যে বহুতো আদৰ্শ গাওঁ ও নথকা নহয়। কিন্তু মই আজি এনে এখন গাঁৱৰ কথা কবলৈ ওলাইছো যি খন গাঁৱত একালত গাঁৱৰ ডেকা গাভৰুৱে শিক্ষা, সাংস্কৃতিক, অৰ্থনৈতিক দিশত দুপদ দুপে উন্নতি কৰি গাওঁ লৈ গৌৰৱ কঢ়িয়াই আনিছিল, শিক্ষাৰ ক্ষেত্ৰত দেশৰ ভিতৰতে গৌৰৱ কঢ়িয়াই আনিছিল, গাঁওখনৰ ল’ৰা-ছোৱালীক লৈ আন গাঁৱৰ মানুহে উদাহৰণ দিছিল, সন্মান দিছিল সেই গাওঁ খনৰ অৱস্থা এতিয়া পুতৌ লগা! ইমান খামখেয়ালি! সকলো ক্ষেত্ৰতে যেন স্থবিৰ হৈ পৰিছে ,,! অৱশ্যে গাওঁ খন ধনী হ’ল,,, কিন্তু ল’ৰা-ছোৱালী বিলাকৰ কৰ্মসংস্কতি নাইকিয়া হ’ল। ৰাগিয়াল মানুহ বেছি হ’ল,,, একতা নোহোৱা হ’ল,,, সামাজিক খেলিমেলি বাঢ়িবলৈ ধৰিলে,,, গাওঁ খনত আধা মানুহ সংঘ আধা মানুহ অসংঘ। আকৌ এই অসংঘ মানুহ খিনিৰ মাজতো কেইবাটাও খেল। এটা খেলত দহ বাৰ ঘৰকৈ থাকে। তাৰে দুটামান খেলত মদ ভাংখোৱা মানুহ, দুটা মানত টকা পইচাৰ গৰম থকা মানুহ, দুটামানত দুখীয়া মানুহ, দুটামানত শিক্ষিত জনা শুনা অহংকাৰী মানুহ। ইমান বোৰ খামখেয়ালিৰ মাজত এখন গাওঁৰ উঠি অহা প্ৰজন্মৰ বাবে উন্নতি সম্ভৱ নে ?! ল’ৰা-ছোৱালীৰ মাজত ক’ৰ পৰা একতা থাকিব? যদি ডাঙৰ সকলৰ মাজতেই একতা নাই,,! এই বিলাকৰ মূলতে হ’ল ইজি মানি চুবলৈ পোৱা এচাম ব্যৱসায় কৰা, চাকৰি কৰা মানুহ। ক্লাচ এইটৰ লৈকে পঢ়া মানুহ এজনে যদি অ এন জি চি ত মালী চাকৰিতো কৰি ৮০ হাজাৰ কৈ দৰমহা পাই( ১৫/২০ বছৰৰ আগৰ কথা) তেওঁ মদ নাখায় কি কৰিব? লৰাছোৱালীয়ে স্কুলতে যদি বাইক গাড়ী চুবলৈ পাই যায় , পঢ়াশুনা বা কামকাজ কৰিবলৈ , খেতি কৰিবলৈ বিচাৰিব জানো? টকা থকা মানেই সকলো থকা বুলি ধৰি লোৱা, নিজৰ এলেকাতোতে হিৰ’গিৰী কৰি থকা এইচাম মানুহে বাহিৰৰ পৃথিৱী খনৰ কথা একো ভূকে নাপায়। বৰ্তমান এনেকুৱা হৈছেগৈ মিডিয়াইহে যেন সকলোকে কন্ট্ৰোল কৰি ৰাখিছে। মিডিয়াই যি বুজাইছে তাকেই বুজে। পলিটিকেল কথাবাৰ্তাৰ বাহিৰে যেন চিন্তা কৰিব লগা একো নাই! মানুহেও এইবোৰত বেছি গুৰুত্ব দিবলৈ ধৰিছে, এইবিলাক একোটা একোটা খেল টকা ঘটাৰ। আৰু এই খেল খেলিবলৈ শিক্ষাৰ দৰকাৰ নাই। কিবা এটা বাব পোৱাৰ পাছত নিজকে সকলোতকৈ জনা শুনা ব্যক্তি বুলি ভাৱে। আনে খাতিৰ কৰি থাকিলে ভাল পাই। একেবাৰে মইবৰ স্বভাৱ,, তাৰ মাজতে যদি দুই এটা লৰাছোৱালীয়ে ভাল পৰিবেশ পাইছে, সংস্কাৰ পাইছে , ভাল দৰে পঢ়াশুনা কৰিছে, তেন্তে গাওঁৰ পৰা ওলাই অহাটোত বেছি গুৰুত্ব দিয়ে। কিয়নো বাকী এই ঠেক মনৰ মানুহ বোৰৰ লগত কথা নিমিলে, হিংসা ভাৱটো বেছি । আৰু এনে এটা পৰিবেশত শিক্ষিত লৰাছোৱালী বিলাকে হীনমন্যতাত ভোগে। আৰু গাওঁ এৰি চহৰলৈ ঢাপলি মেলে।
এনেকৈয়ে এখন এখন শুৱনি গাওঁ নিম্ন পৰ্যায়লৈ গৈ আছে।আজিকালি গাওঁৰ লৰাছোৱালীয়ে খেতি কৰাতো দূৰৰে কথা, ঢোল খোল ও বজাব নজনা হ’ল, বাঁহ বেতৰ কাম নজনা হ’ল। আগ্ৰহ ও নাই, ডাঙৰৰেও জোৰ নকৰে,,, কেনেকৈ ইজি মানী পাব পাৰি তাকেই ভাৱি থাকে। এটা দামী মোবাইল ফোন , এখন দামী বাইক ,, এইয়া পোৱাতোৱেই যেন জীৱন! শিক্ষা দিক্ষাৰ গুৰুত্বতকৈ টকা ঘটাৰ গুৰুত্বতোহে বেছি বাঢ়িল। তাৰ মাজতে দুই এক শিক্ষিত যুৱকে চাকৰি নাপায় চাহ বাগান নোখোলা নহয় অৱশ্যে। তাতোতকৈ ডাঙৰ সমস্যাতো হ’ল গাওঁত এতিয়া খেতি কৰিবলৈ মানুহ নাই। কোনেও ৰ’দ বৰষুণত দেহাটোক কষ্ট দি খেতি কৰিব নিবিচাৰে। তাৰ বাবে উন্নত প্ৰযুক্তি ব্যৱস্থা ও নাই।তাৰোপৰি গাঁৱৰ চাকৰি নথকা কেইঘৰে চৰকাৰী চাউল পায়। এটা মাহত খাবলৈ এই ২০/২৫ কেজি চাউল যথেষ্ট। গতিকে কিয় খেতি কৰিব? ব্যৱসায় ভিত্তিত খেতি কৰিবলৈ গলেও বহুত খৰচ হয়। আৰু এই খৰচ খিনি উলিয়াবলৈ এখন ভাল ধানৰ বজাৰ বা চবজি বজাৰ নাই। পাইকাৰী মূল্য বহুত কম। খেতিয়কৰ লোকচান! গতিকে খেতি পথাৰ চন পৰি থাকে।
আৰু যদি এটা দুখীয়া কষ্ট কৰিব পৰা জাতি আহি এই উৰ্বৰা চন পৰি থকা মাটি খিনি দেখি দুবেলা দুসাজ খোৱাৰ কাৰনে কষ্ট কৰি খেতি আধি কৰিবলৈ বিচাৰে উদাৰচেতিয়া আমি অসমীয়াই নিদিওঁ বুলিতো নকওঁ? তেওঁলোকে কষ্ট কৰাৰ ভাগ আমিও আধাখিনি ফ্ৰী তে নাপাম জানো? আৰু এই আৰামেই আমাৰ জীৱনলৈ এদিন হাৰাম হৈ আহিব আমি ভাৱিছিলো নে? ইতিহাসত বহুত উদাহৰণ আছে যিটো জাতিয়ে কষ্ট কৰি আহিছে, যুগে যুগে যুঁজি আহিছে সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক দিশত আৰু যিটো জাতিৰ বল বীৰ্য্য সাহস আছে সেইটো জাতিয়েই সভ্যতাৰ পোহৰ নোপোৱা দিনৰে পৰা এই পৃথিৱীত জীৱন জয় কৰি আহিছে, নিজৰ অস্তিত্ব বৰ্তাই ৰাখি আহিছে। এটা কথা ঠিক যে যিটো জাতি সাংস্কৃতিক, অৰ্থনৈতিক, ৰাজনৈতিক দিশত আগবঢ়া সেইটো জাতিয়েহে এই পৃথিৱীত সূৰ্য চন্দ্ৰ থকালৈকে জীয়াই থাকিব।
আজি আমি যিটো জাতিৰ বিৰুদ্ধে যুঁজি আছো, আন্দোলন কৰিছো,উদাক্ত কণ্ঠৰে বক্তিতা দিছো, কবিতা মাতিছো, ভাষন দিছো,গান গাইছো, প্ৰতিবাদী কণ্ঠৰে জোৰে জোৰে চিঞৰিছো, কিন্তু কবলৈ অপ্ৰিয় হলেও তেওঁলোকে কিন্তু কৰ্ম সংস্কৃতি হে চিনি পাই। তেওঁলোকে নজনা কথা জানিবলৈ, নেদেখা ঠাই ফুৰি জ্ঞান আহৰণ কৰিবলৈ , কৰ্মক্ষেত্ৰত নতুন নতুন জাগৰণ সৃষ্টি কৰিবলৈ দিন ৰাতি একাকাৰ কৰি কষ্ট কৰে। অৰ্থনৈতিক দিশত, শিক্ষা ক্ষেত্ৰত তেওঁলোক বহুত আগবঢ়া। তেওঁলোকৰ বাবে কামৰ সৰু বৰ নাই, লাজ নাই, হিংসা নাই,, মাথো আগলৈ গৈ আছে,,,,। কোনে ক’ত কি আন্দোলন কৰিছে ভূক্ষেপেই নাই। আটাইতকৈ ডাঙৰ গুনটো হ’ল একতা। আজি দেশৰ এই পৰিস্থিতিত তেওঁলোক নিৰৱ,নিমাত! তেওঁ লোকে জানে কামেৰেহে পৰিচয়, কথাৰে নহয়,, আজি আমি চিঞৰ বাখৰ কৰি শত্ৰুক সাৱধানহে কৰি দিছো। তেওঁ লোকক সুবিধা হে কৰি দিছো কেনেকৈ ক’ত গুৰিত পানী ধালিলে শিপা পোখা বিলাকে দুপদ দুপে বাঢ়ি যাব,,, মমতা দীয়ে অকলেই গোটেই নেটা সকলক লৈ গোটবন্ধন পাতি দেখুৱাও নাই জানো?
আজি চতুৰ্থ শ্ৰেণীৰ কাম কৰা অসমীয়া মানুহৰ অভাৱ বহুত বেছি। ঘৰৰ কামকাজ বিলাক ঘৰৰ মানুহৰ মাজতে ভাগ বতৰা কৰি কৰিব পাৰিলে ভাল। কিন্তু কিছুমান মহিলাৰ ফেচনেই হৈছে গৈ ঘৰত কাম কৰা বাই ৰখাতো।
মুঠৰ ওপৰত মই এটা কথাত বিশ্বাস ৰাখো যিটো জাতিয়ে যুগে যুগে এই পৃথিৱীত সংগ্ৰাম কৰি যাব সেইটো জাতিহে এই পৃথিৱী শেষ হোৱালৈকে জীয়াই থাকিব। সেইকাৰণেই সকলোৱে সৰু বৰ হিচাপ নকৰি কাম কৰি যাওক। নিজৰ গাওঁ খনত, নিজৰ অঞ্চলত বেলেগ এটা বিদেশী জাতিক আনি কাম কৰিবলৈ সুবিধা নিদিব। এই ক্ষেত্ৰত মহিলাৰ গোটবিলাকে, কৃষক সকলৰ গোট বিলাকে আগভাগ লওক। পাল পাতি পাতি কামবোৰ কৰক। ইঘৰে সিঘৰক কামকাজত সহায় কৰক। একতা আৰু মিলাপ্ৰীতি বৰ্তাই ৰাখক ।তাৰোপৰি যিখন সমাজত সকলো কামতে মহিলাই ওলাই আহি আগভাগ লব তেনে সমাজত ভ্ৰষ্টাচাৰ মূলক কাম কাজ বিলাকো কমকৈ হব। দহ গৰাকী মহিলা লগ লাগিলে খোৱা পিন্ধাৰ কথা নাপাতি গাওঁৰ সমস্যা, অঞ্চলতোৰ সমস্যা, দেশৰ সমস্যা কথাহে যেন পাতে। এইয়া মোৰ এই সংকটৰ সময়ত সমগ্ৰ দেশৰ আইমাতৃ, বাইভনী , বন্ধু বান্ধব সকললৈ আহ্বান…..
জয় আই অসম।
বৰ্ণালী নেওগ