ন্যায়ালয়ৰ কাষ চাপিলে তেজ বাহাদুৰে

নতুন দিল্লী, বিএছএফৰ পৰা অপসাৰিত জোৱান তেজ বাহাদুৰ যাদৱে বাৰানসী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰি মনোনয়ন পত্ৰ দাখিল কৰিছিল যদিও অৱশেষত নিৰ্বাচন আয়োগে তেজ বাহাদুৰৰ মনোনয়ন পত্ৰ নাকচ কৰে।

নিৰ্বাচন আয়োগৰ এনে কাৰ্যৰ বিৰুদ্ধে আজি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয় বিএছএফৰ অপসাৰিত জোৱান তথা সমাজবাদী পাৰ্টিৰ প্ৰাৰ্থী তেজ বাহাদুৰ যাদৱ। আজি তেজ বাহাদুৰ যাদৱৰ হৈ উচ্চতম ন্যায়ালয়ত আবেদন জনায় প্ৰসিদ্ধ অধিবক্তা প্ৰশান্ত ভূষণে।

আজি সাংবাদিকৰ আগত প্ৰশান্ত ভূষণে কয় যে বাৰানসী সমষ্টিত সমাজবাদী পাৰ্টিৰ প্ৰাৰ্থী হিচাপে তেজ বাহাদুৰ যাদৱে যিখন মনোনয়ন পত্ৰ দাখিল কৰিছিল সেই মনোনয়ন পত্ৰখনত কোনো ধৰণৰ ভুল থকা বুলি তেওঁ বিশ্বাস নকৰে।

ইমানৰ পিছতো নিৰ্বাচন আয়োগে কিয় তেজ বাহাদুৰৰ মনোনয়ন পত্ৰখন বাতিল কৰিলে সেয়া ৰহস্যৰ বিষয় বুলি অধিবক্তা গৰাকীয়ে মন্তব্য কৰে। তেওঁ লগতে কয় যে এনে ধৰণৰ কাৰ্যই তেজ বাহাদুৰ যাদৱৰ মনোবল যথেষ্ট ভাঙি পেলাইছে।

ইয়াৰ বাবে চৰকাৰেই দোষী বুলি অধিবক্তাগৰাকীয়ে মন্তব্য কৰে। তেওঁ উচ্চতম ন্যায়ালয়ত এই বিষয়টোৰ সমাধান লাভ কৰিবলৈ সক্ষম হ’ব বুলি সাংবাদিকৰ আগত আশা প্ৰকাশ কৰে। তেওঁ লগতে কয় যে তেজ বাহাদুৰ যাদৱৰ মনোনয়ন পত্ৰ নাকচ হোৱাৰ আৰত কোনো ৰাজনৈতিক ষড়যন্ত্ৰণ থাকিব পাৰে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here