পুনৰ জামিনৰ বাবে আবেদন লালু প্ৰসাদৰ অধিবক্তাৰ

বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ অধিবক্তাই আজি পুনৰবাৰ লালুৰ জামিনৰ বাবে আবেদন কৰে। কিছুদিন পূৰ্বে লালু প্ৰসাদ যাদৱৰ জামিন আবেদন নাকচ কৰিছিল উচচতম ন্যায়ালয়ে। ইয়াৰ পিছতে আজি পুনৰবাৰ জামিন আবেদন কৰে লালু প্ৰসাদে।

উল্লেখ্য কেবা কোটিটকীয়া পশুখাদ্য কেলেংকাৰীত দোষী সাব্যস্ত হৈ কাৰাবাস খাতি থকা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আৰজেদিৰ নেতা লালু প্ৰসাদ যাদৱৰ জামিন আবেদন অৱশেষত নাকচ কৰিলে উচ্চতম ন্যায়ালয়ে। আজি উচ্চতম ন্যায়ালয়ৰ এখন বিশষ খণ্ডপীঠে লালু প্ৰসাদ যাদৱৰ জামিন আবেদন খন সন্দৰ্ভত শুনানি গ্ৰহণ কৰি কয় যে জামিনৰ বাবে লালু প্ৰসাদ যাদৱৰ অধিবক্তাই যি কাৰণ দেখুৱাইছে সেয়া গ্ৰহণযোগ্য নহয়।

উল্লেখ্য পশুখাদ্য কেলেংকাৰীত দোষী সাব্যস্ত হোৱা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আৰজেডিৰ নেতা লালুপ্ৰসাদ যাদৱৰ জামিনৰ বিৰোধিতা কৰিছে চিবিআইয়ে। বহুকোটিটকীয়া গোচৰটোত যাতে কোনোপধ্যো লালুপ্ৰসাদ যাদৱে জানি লাভ নকৰে তাৰ ব্যৱস্থা কৰিবলৈ চিবিআইয়ে কালি উচ্চতম ন্যায়ালয়ত এখন আবেদন জনাইছিল।

উল্লেখ্য শাৰীৰিক অসুস্থতাৰ বাবে ৰাচীৰ ৰাজেন্দ্ৰ ইনষ্টিটিউট অব মেডিকেল ছায়েন্সত বিগত আঠমাহ ধৰি চিকিৎসাধীন হৈ আছে লালুপ্ৰসাদ যাদৱ। শাৰীৰিক অসুস্থতাৰ দোহাইদি লালুপ্ৰসাদ যাদৱে বাৰে বাৰে উচ্চতম ন্যায়ালয়ত জামিন বিচাৰি আবেদন জনাই আহিছে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here