দেশৰ সাত ৰাজ্যত সমাপ্ত পঞ্চম পৰ্যায়ৰ নিৰ্বাচনৰ ভোট গ্ৰহণ

নতুন দিল্লী, আজি দেশৰ সাতখন ৰাজ্যত অনুষ্ঠিত হয় পঞ্চম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ। আজি সাত বজাৰ পৰা বিহাৰ, ঝাৰখণ্ড, মধ্যপ্ৰদেশ, ৰাজস্থান, উত্তৰ প্ৰদেশ, পশ্চিম বংগ আৰু জম্মু কাশ্মীৰৰ মুঠ ৫১ টা লোকসভা সমষ্টিৰ বাবে ভোটগ্ৰহণ আৰম্ভ হয়। বিয়লি ছয় বজালৈকে চলে এই ভোটগ্ৰহণ।

সাত খন ৰাজ্যৰ ৫১ টা সমষ্টিত এইবেলি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে ৬৫৬ গৰাকী প্ৰাৰ্থীয়ে। পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণৰ সময়ত ভাগ্য নিৰ্ণয় হ’বলগীয়া কেইগৰাকীমান প্ৰাৰ্থী হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিং, কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধী, কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী, ইউপিএৰ অধ্যক্ষা ছোনিয়া গান্ধীকে ধৰি আন ভালেকেইগৰাকী নেতা।

ইতিমধ্যে সাতখন ৰাজ্যৰ ভোটগ্ৰহণৰ সময়ত কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱাৰ বাতৰি এতিয়ালৈকে পোৱা হোৱা নাই। এই ক্ষেত্ৰত সাতোখন ৰাজ্যতে সংশ্লিষ্ট চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰে ব্যাপক নিৰাপত্তামূলক ব্যৱস্থা গঢ়ি তোলা বুলি জানিব পৰা গৈছে।

চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনৰ সময়ত পশ্চিম বংগত ব্যাপক হাৰত কূটাঘাতমূলক ঘটনা সংঘটিত হৈছিল। ইয়াৰ পিছতে ৰাজ্যখনত অতিৰিক্ত নিৰাপত্তা বাহিনী মোতায়ন কৰা হৈছিল।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here