ৰাহুলৰ বিৰুদ্ধে বুথ দখলৰ অভিযোগ

নতুন দিল্লী, আমেথি সমষ্টিত এতিয়া ক্ৰমাৎ জমি উঠিছে ৰাজনৈতিক বোকা ছডি×ওৱাৰ খেল। শেহতীয়াকৈ কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীৰ বিৰুদ্ধে আমেথি সমষ্টিত বুথ কেপছাৰিঙৰ গভীৰ অভিযোগ উত্থাপন কৰিছে কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ নেতৃ স্মৃতি ইৰাণীয়ে। আজি সাংবাদিকৰ আগত স্মৃতি ইৰাণীয়ে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে আমেথি সমষ্টিত কংগ্ৰেছৰ ভিত্তি থকাৰ বাবেই দলটোৱে নিৰ্বাচনৰ সময়ত ব্যাপক হাৰত ৰিগিং সংঘটিত কৰিছে। ৰাহুল গান্ধীৰ নিদেৰ্শতে আমেথিৰ কেবাটাও ভোটকেন্দ্ৰ নিজৰ দখললৈ নিয়া বুলি স্মৃতি ইৰাণীয়ে গুৰুতৰ অভিযোগ উত্থাপন কৰে। ইৰাণীয়ে কয় যে এই ক্ষেত্ৰত বিজেপিৰ হাতত পৰ্যাপ্ত প্ৰমাণ আছে। আমেথি সমষ্টিত কংগ্ৰেছে কিদৰে ব্যাপক হাৰত ৰিগিং চলাইছিল তাৰ প্ৰমাণ নিৰ্বাচন আয়োগৰ হাতত ইতিমধ্যে বিজেপিয়ে গতাই দিয়া বুলিও ইৰাণীয়ে কয়। তেওঁ লগতে কয় যে আমেথিৰ জনতাই এতিয়া ৰাহুল গান্ধী আৰু তেওঁৰ পৰিয়ালক ভালদৰে চিনি পাইছে। সেইবাবে আমেথিৰ জনতাই এইবাৰ গান্ধী পৰিয়ালক প্ৰত্যাখ্যান কৰিছে। আমেথিৰ ৩১৬ নং ভোট গ্ৰহণ কেন্দ্ৰটোত ব্যাপক হাৰত ৰিগিং কৰা বুলি ইৰাণীয়ে মন্তব্য কৰে। তেওঁ কয় যে ভিডিঅ’ৰ পৰা এই কথা প্ৰমাণ হৈছে যে কংগ্ৰেছৰ সভাপতিৰ নিদেৰ্শতে উক্ত ভোটগ্ৰহণ কেন্দ্ৰটোত ব্যাপক হাৰত ৰিগিং হৈছিল। এতিয়া নিৰ্বাচন আয়োগে এই ৰিগিঙৰ সন্দৰ্ভত কি পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব বুলি কংগ্ৰেছৰ সভাপতিগৰাকীয়ে মন্তব্য কৰে। তেওঁ লগতে কয় যে যদি কেন্দ্ৰীয় নিৰ্বাচন আয়োগে এই ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে আমেথি সমষ্টিৰ নিৰ্বাচন কোনো পধ্যে নিকা হোৱা বুলি ক’ব পৰা নাযাব। উল্লেখ্য আমেথি সমষ্টিত এইবাৰ ৰাহুল গান্ধীৰ বিৰুদ্ধে নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে বিজেপিৰ প্ৰাৰ্থী ইৰাণীয়ে। আজি ৰাহুল গান্ধীৰ বিৰুদ্ধে আন এক গুৰুতৰ অভিযোগ উত্থাপন কৰি ইৰাণীয়ে কয় যে আমেথিৰ এখন চিকিৎসালয়ত এজন লোকে আয়ুস্মান ভাৰত কাৰ্ড থকাৰ পিছতো বিনা চিকিৎসাই মৃত্যুক সাৱটি ল’বলগীয়া হৈছে। উক্ত চিকিৎসালয়খনৰ এগৰাকী ট্ৰাষ্টী হিচাপে ৰাহুল গান্ধী থকাৰ বাবেই চিকিৎসালয়খনে লোকজনক চিকিৎসা আগবঢ়াবলৈ অসন্মত হৈছিল।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here