বিষয়ঃ মাতৃভাষা

 হিমাংশু ৰঞ্জন ভূঞা     

এটা নিৰ্দিষ্ট ভৌগোলিক পৰিসীমাৰ ভিতৰত নিজস্ব সামাজিক আৰু সাংস্কৃতিক মানদণ্ড বজাই  ৰাখি ঐক্য সম্প্ৰীতি আৰু সমন্বয়ৰ মাজেদি বসবাস কৰা লোক সকলক লৈয়ে একোটা জাতি গঢ় লৈ উঠে আৰু সেই লোক সকলৰ জাতীয় চেতনা বোধৰ মাধ্যমেদিয়েই জাতিটোৰ পৰিচয় উজ্জীৱিত হৈ উঠে। প্ৰকৃতাৰ্থত প্ৰতিজন ব্যক্তিয়েই নিজৰ দেশখনক আৰু জাতিটোক অকৃত্ৰিম ভাৱে ভালপাব পাৰিলইে, নিজৰ ন্যস্তস্বাৰ্থক বিসৰ্জ্জন দি মহান স্বাৰ্থৰ হকে কাম কৰাৰ মানসিকতা গঢি তুলিব পাৰিলেইে  জাতিটোক উচ্চ আসনত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ’ব পৰা যায় আৰু ইয়েই জাতীয় চেতনাৰ আদৰ্শক উজ্বলতৰ কৰি এটা উন্নত জাতিৰ ইতিহাস ৰচনা কৰে ।


              বিশ্বৰ ভিতৰতে বৃহত্তম গণতান্ত্ৰিক ৰাষ্ট্ৰ ভাৰতবৰ্ষৰ এখন অংগৰাজ্য হিচাপে আমাৰ ৰাজ্য অসমৰ লোকসকলে প্ৰকৃতপক্ষে নিজস্ব ভাষা, নিজস্ব সংস্কৃতি, নিজস্ব সামাজিক ব্যৱস্থা আদি দিশসমূহ সামৰি সুস্থ সৱল অসমীয়া জাতি হিচাপে পৰিচয় দাঙি ধৰিব পাৰিছোনে · সাম্প্ৰতিক সময়ত এইটো এটা ডাঙৰ প্ৰশ্ন হিচাপে দেখা গৈছে । দেখা গৈছে – বিশ্বৰ উন্নত জাতিসমূহৰ লোকসকল সদা সৰ্বদা জাতিটোৰ সন্মান আৰু মৰ্যদাৰ প্ৰতি সদা সচেতন আৰু তেওঁলোকে জাতীয় চেতনাৰ আদৰ্শক আন্তৰিকতাৰে গ্ৰহন কৰি বিশ্ব দৰবাৰত নিজকে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হৈছে । কিন্তু বিভিন্ন সমস্যাত পৰা আমাৰ জাতিটোক মুকলি বতাহৰ মাজলৈ আনিবলৈ যেন কাৰোৰে সময় নাই। ৰাজ্যখনত ৰাইজৰ দ্বাৰা গঠিত এখন চৰকাৰ আছে – কিন্তু প্ৰৱঞ্চনা, প্ৰতাৰণা, বোকা চটিওৱাৰ খেলত ব্যস্ত হৈ ৰাইজৰ সূখ সুবিধাৰ প্ৰতি যেন এই সকলৰ দৃষ্টি দিবলৈ সময় নাই । চৌদিশে দুৰ্নীতিৰ পোহাৰ । দুৰ্নীতিগ্ৰস্থ মন্ত্ৰী , আমোলা – বিষয়াৰ পৰা এটা জাতিয়ে বাৰু কি আশা কৰিব পাৰে। পদে পদে বিপদত পৰা , চেপা কুঁহিয়াৰৰ সিঁতা হৈ পৰা সাধাৰণ শ্ৰেণীৰ অসমীয়াই এতিয়া নাকান্দিলে একো নাপায় । সম্পদৰে পৰিপূৰ্ণ আমাৰ ৰাজ্যখনৰ অসমৰ অসমীয়াই পাইছে কি · ৰাজ্যখনৰ সম্পদৰাজীক লুণ্ঠণ কৰাই হ’ল কেন্দ্ৰৰ প্ৰধান ধৰ্ম । অসমীয়াৰ আপুৰুগীয়া সম্পদ ভাষাটোও কৰাল গ্ৰাসত পৰাৰ উপক্ৰম । ১৯৭২ চনত শিক্ষাৰ মাধ্যম অসমীয়া কৰাৰ দাবীত ৰাজ্যখনত হৈ যোৱা ব্যাপক আন্দোলনৰ পিছতো শেহতীয়াকৈ অসমীয়া ভাষা প্ৰচলন কৰিবলৈ অসম সাহিত্য সভাই পদক্ষেপ গ্ৰহণ কৰিবলগীয়া হৈছে। বিষয়টো ইতিবাচক।  কিন্তু মাতৃভূমিতে মাতৃভাষা ৰক্ষাৰ বাবে আন্দোলন কৰিবসগীয়া অৱস্থা কিমান সন্তোষজনক বা দূৰ্ভাগ্যজনক সেয়া বুজাই কোৱাৰ প্ৰয়োজন নিশ্চয় নাই।


             দৰাচলতে ভাষা এটা হৈছে এটা জাতিৰ প্ৰথম আৰু প্ৰধান পৰিচয়। গতিকে অসমীয়া ভাষা অসমীয়া জাতিৰ মূল উপাদান। মাতৃভাষাৰ কথিত আৰু লিখিত এই দুয়োটা ৰূপৰ লগতেই প্ৰতিজন ব্যক্তি, প্ৰতিজন সন্তান গভীৰভাৱে পৰিচিত হ’লেহে প্ৰকৃতাৰ্থত আমাৰ ৰাজ্যখন আৰু আমাৰ জাতিটোৱে শিৰ উচ্চ কৰাৰ শকতি লাভ কৰিব। প্ৰকৃতাৰ্থত ভাষাৰ অধ্যয়ণ আৰু চৰ্চাই শব্দৰ ভাণ্ডাৰ চহকী কৰে। এই ক্ষেত্ৰত আমাৰ বিদ্যালয় সমূহৰ ভূমিকাও অপৰিহাৰ্য। দেখা গৈছে, অসমৰ অফিচ কাছাৰিত আমাৰ ৰাজ্যিক ভাষা প্ৰচলনত চৰকাৰী পক্ষই যেনেভাৱে অনিহা প্ৰকাশ কৰি আহিছে, ঠিক তেনেকৈয়ে শিক্ষাৰ ক্ষেত্ৰতো যঠেষ্ট ত্ৰুতি আছে। শৈক্ষিক দিশত বিশেষকৈ চৰকাৰী প্ৰাথমিক বিদ্যালয়সমূহ ত্ৰুতিমুক্ত নোহোৱাৰ বাবেই ৰাজ্যখনৰ সিংহভাগ অভিভাৱকেই নিজ নিজ সন্তানক ব্যক্তিগত পৰ্যায়ৰ বিদ্যালয়ত নামভৰ্তি কৰোৱাৰ প্ৰৱণতা গঢ় লৈ উঠিছে লগতে ইংৰাজী মাধ্যমত শিক্ষা দিয়াব পাৰিলেহে উপযুক্ত মানুহ হৈ উঠিব বুলি গঢ়ি উঠা ধাৰণাই সম্প্ৰতি আমাৰ ভাষাটোৰ প্ৰতিয়েই  চৰম সংকট কঢ়িয়াই আনিছে। আনহাতে আমাৰ উঠি অহা প্ৰজন্মৰ এটা অংশৰ মাজত অসমীয়া লিখিত ভাষাজ্ঞানৰ অভাৱ আৰু অসমীয়া ভাষাৰ প্ৰতি চৰম অনিহাৰ ভাৱ সোমাই পৰাটো স্বাভাৱিক বিষয়ত পৰিণত হৈছে। এয়া এক নিম্নগামী গতি বুলি ক’ব পৰা যায় আৰু এই গতিয়ে অসমীয়া ভাষা শিকাৰ দিশত যে এক ঋণাত্মক প্ৰভাৱ পেলাব সি নি¿ চত।


                 বিভিন্ন জাতি জনগোষ্ঠীৰে সংমিশ্ৰিত অসমীয়া জাতিয়ে মাতৃভাষা অসমীয়াকে সাৱতি থাকিলে নহ’ব সিও ধুৰূপ। অসমীয়াৰ লগতে দেশৰ অন্যান্য আঞ্চলিক ভাষা, ইংৰাজী, হিন্দী, ফৰাচী,আৰৱী আদি ভাষাৰ শিক্ষা লাভ কৰাটোও প্ৰয়োজন। আনহাতে অসমৰ থলুৱা বড়ো, কাৰ্বি, তিৱা, মিছিং, আদিবাসী,কোঁছ ৰাজবংশী আদি ভাষাও সমানে আয়ত্ব কৰিব লাগিব আৰু সকলো থলুৱা ভাষা সংস্কৃতিৰ উন্নয়ণ হ’বই লাগিব। কিন্তু আমাৰ অসমীয়াৰ পৰিচয় অসমীয়া ভাষা। এই অসমীয়া ভাষা জীয়াই থাকিলেহে অসমীয়া জাতি জীয়াই থাকিব – তাত দ্বিমত হ’বলগীয়া হয়তু নাই। কিন্তু আমি অসমীয়াই আমা নিজৰ মাতৃভাষাটোৰ উন্নয়ণৰ বাবে কি কৰিছো সেইটোহে ভাবিবলগীয়া। আমাৰ নিজৰ সন্তান সকলক ভাষাটোৰ প্ৰতি সন্মান জনাবলৈ শিকাইছোনে· জন্মৰ পাছতেই আজিৰ একাংশ অসমীয়াই তেওঁলোকৰ সন্তানক ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়ালেহে উপযুক্ত নাগৰিক হ’ব বুলি ভাবিবলৈ লৈছে আৰু কাৰ্যক্ষেত্ৰতো তাকেই কৰিছে। বহু অসমীয়া সন্তানে অসমীয়াত কৰা প্ৰশ্নৰ উত্তৰ অসমীয়াত দিব নেজানে। তোমাৰ নাম কি বুলি সুধিলে উত্তৰ পোৱা যায় – “মাই নেম্ ইজ্…” । মামা মামী, পেহা পেহী, খুৰা খুৰী আদি শব্দবোৰ এইসকল নতুন প্ৰজন্মই  শিকাই নাই। টিভি চিৰিয়েল, কাৰ্টুন, মোবাইল, ইন্টাৰনেট, ফেচবুক, হোৱাটছ্ এপত একেৰাহে ব্যস্ত হৈ থকা এনে শিশুৱে অতিথিক কৰিবলগীয়া ব্যৱহাৰ অৰ্থাৎ অসমীয়াৰ সামাজিক ৰীতিসমূহৰো শিক্ষা লাভ কৰা নাই। এয়া সকলোৱে দেখি থকা এটা উদাহৰনহে মাথোন। গতিকে এক কথাত ক’ব পৰা যায় – আমাৰ ভাষাটোৰ বিকৃতি ঘটিছে আৰু জাতীয় চিন্তাধাৰাতো কেণা লাগিছে।


  এইটো ঠিক যে – আমি যিমানেই নকওঁ কিয় অসমৰ চৰকাৰী ভাষা আইনৰ সফল ৰূপায়ণত চৰকাৰী বিভাগ বিলাকে একো মনোযোগ দিয়া নাই। গতিকে, চৰকাৰী বিভাগ সমূহত অসমীয়া ভাষা এলাগী হৈ থকাৰ বাবেই সকলো শ্ৰেণীৰ ৰাইজ বিপদত পৰিছে আৰু ভাষাটোও কোঙা হ’বলৈ বাধ্য হৈছে। ১৯৬০ চনত ‘অসম চৰকাৰী ভাষা আইন’ গৃহীত হোৱাৰ পিছত কেইবাবাৰো সংশোধন হৈছিল যদিও ১৯৮৫ চনত অসমৰ সকলো কাৰ্যালয়ত অসমীয়া ভাষা প্ৰয়োগ কৰিবলৈ চৰকাৰীভাৱে নিৰ্দেশ দিয়া হৈছিল। আনহাতে,  ১৯৭০ চনত গ্ৰহণ কৰা আইন অনুযায়ী সকলো শ্ৰেণীৰ ৰাইজে অভাৱ অভিযোগ সমূহ ৰাজ্যত চলা যিকোনো ভাষাতে জনাব পৰাৰ অধিকাৰ লাভ কৰিছিল। ইয়াৰ বিপৰীতে চৰকাৰে ৰাইজৰ আবেদনৰ উত্তৰ ব্ৰহ্মপুত্ৰ উপত্যকাত অসমীয়াত, কাচাৰ জিলাত বাংলাত, স্বায়ত্বশাসিত জিলাসমূহত ইংৰাজীত দিব লাগিব বুলি কৰা এই আইনৰ বলবৎকৰণৰ পাছত এতিয়াৰ পৰা প্ৰায় ৩০ বছৰ আগতে ইয়াৰ সংশোধিত ৰূপৰ বলবৎকৰণ হৈছিল যদিও বাস্তৱক্ষেত্ৰত অসমৰ চৰকাৰী কাৰ্যালয়সমূহত ইংৰাজী ভাষাইহে মূখ্যস্থান পাই আহিছে, যাৰ বাবে সাধাৰণ চহা ৰাইজে ইংৰাজীত আবেদন নিবেদন জনোৱাৰ ক্ষেত্ৰত কিমান কষ্ট ভোগ কৰিবলগীয়া হৈছে সেই কথা সকলোৱে জানে। এতিয়া এনেকুৱা এটা ধাৰণা শিপাই পৰিছে যে অসমীয়া ভাষাত ক’লে বা লিখিলে যেন বৰ সৰু হৈ যাব লাগিব আৰু ইয়াৰ বিপৰীতে ইংৰাজী প্ৰয়োগ হ’লে যেন সকলো ফালৰ পৰাই সন্মানজনক স্থিতি ৰক্ষা কৰিব পাৰিব। বিষয়টো চিন্তা কৰিবলগীয়া। সকলোতকৈ পৰিতাপৰ বিষয়, অসমত থকা ইংৰাজী মাধ্যমৰ বিদ্যালয়ত অসমীয়া ভাষাৰ শিক্ষা বাধ্যতামূলক কৰিবলৈ জনমতৰ সৃষ্টি কৰিবলগীয়া হৈছে। কৰ্ণাটক চৰকাৰে দহ বছৰৰ আগতেই চাৰি শতাধিক কৰ্ণাটক ৰাজ্যৰ ইংৰাজী মাধ্যমৰ বিদ্যালয়ত কাণাড়া ভাষা বাধ্যতামূলক কৰিছিল¸। অসমত অসম চৰকাৰে নোৱাৰিব কিয়· মাথোন সদিচ্ছা লাগিব। আমি পাহৰিব নেলাগিব – প্ৰথমতে আমি অসমীয়া। তাৰ পাছতহে আমি ভাৰতীয় নাগৰিক। আমি জনা উচিত – মাতৃভাষাৰ সীমিত জ্ঞানেৰে নিজৰ পৰিচয় দাঙি ধৰিব কাহানিও নোৱাৰি। শেহতীয়াকৈ ৰাজ্য চৰকাৰে বড়ো ভাষাক বড়েÿা অধ্যুষিত এলেকাৰ সহযোগী ভাষা হিচাপে হিচাপে স্বীকৃতি প্ৰদান কৰিছে। স্বভাৱিকতে এইটো আদৰণীয় আৰু গ্ৰহণযোগ্য। ৰাজ্য চৰকাৰৰ এই উচিত পদক্ষেপে বড়ো সমাজৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়ৰে পুষ্ট অসমীয়া জাতিৰ মৰ্যদা ৰক্ষাত যঠেষ্ট সমল যোগাব বুলি আমি নিশ্চিত।


                    এই কথা অস্বীকাৰ কৰিব নোৱাৰি যে – সম্প্ৰতি ইংৰাজী ভাষাই বিশ্বৰ সংযোগী ভাষাৰ স্থান দখল কৰিছে আৰু দৈনন্দিন জীৱনৰ সৰ্বস্তৰতে ই প্ৰয়োজনীয় হিচাপে গণ্য কৰা হয়। গতিকে সঁচা অৰ্থতেই এই ভাষাত সুুন্দৰ দখল থাকিলেহে বিশ্বৰ বিভিন্ন স্তৰত খাপ খাব পৰা যাব। আজি এটা দশকৰ আগলৈকে জাপান, চীন আদি দেশত ইংৰাজী ভাষাই বিশেষ স্থিতি লাভ কৰা নাছিল যদিও পৰিস্থিতি আৰু পৰিৱেশৰ তাগিদাত ইংৰাজী ভাষাক এনেবোৰ দেশেও আকোঁৱালী ল’ব লগাত পৰিছে। গতিকে বিশ্বৰ বিভিন্ন দেশৰ সমাজ জীৱনৰ অতি ভিতৰভাগলৈকে যে ইংৰাজী ভাষা প্ৰসাৰিত হৈছে তাক সকলোৱে স্বীকাৰ কৰিবই লাগিব আৰু সেই কাৰণতেই ইংৰাজী ভাষা শিকাত ব্যুৎপত্তি যে লাভ কৰাটো অতি প্ৰয়োজন সেই কথাও মানি ল’ব লাগিব। বিদেশত চাকৰি কৰিবৰ কাৰণে, ফুৰিবৰ বাবে, দেশৰ চুকে কোণে যিকোনো ঠাইত যিকোনো পৰিৱেশত মিলি পৰিহৰ বাবে, উচ্চ শিক্ষা লাভ কৰাৰ ক্ষেত্ৰত আদি অনেক দিশত ইংৰাজীকে ধৰি অন্যান্য ভাষাৰ শিক্ষালাভ কৰা প্ৰয়োজনীয়তা নুই কৰিব নেৱাৰি। অসমৰ বাহিৰলৈ যাবই লাগিব, বিশ্বৰ বিভিন্ন ক্ষেত্ৰত নিজকে প্ৰতিষ্ঠা কৰিবই লাগিব। বিভিন্ন ভাষা শিকিবই লাগিব, ব্যুৎপত্তি লাভ কৰিবই লাগিব, কিন্তু সেইবুলি মাতৃভাষাক আওঁকান কৰি ইংৰাজীক মূখ্যস্থান দি অসমীয়া ক’ব বা লিখিব নজনা বিষয়টো কেতিয়াও গ্ৰহণযোগ্য হ’ব নোৱাৰে। প্ৰণিধানযোগ্য যে ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণনে বিদেশী ভাষা এটাক জ্ঞান আহৰণৰ মাধ্যম কৰি লোৱাটো শিক্ষাবিজ্ঞানৰ দৃষ্টিতেই অযুক্তিকৰ বুলি মাতৃভাষাৰ সপক্ষে থিয় দিয়াৰ লগতে ১৯৫৩ চনৰ মাধ্যমিক শিক্ষা আয়োগৰ প্ৰতিবেদনত মাতৃভাষা শিক্ষাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি কোৱা হৈছে যে -‘মাতৃভাষা শিকা মানে কেৱল লিখা পঢ়া বা শব্দভাণ্ডাৰ বৃদ্ধিৰ কথাটোৱে নুবুজাই , ই হৈছে ছাত্ৰ-ছাত্ৰীৰ সামগ্ৰিক ব্যক্তিত্বৰ বিকাশ সাধন কৰাৰ উৎকৃষ্ট আৰু মণনশীল মাধ্যম’। ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণ নে গ্ৰহণ কৰা এই স্থিতিৰ বহুকেইটা দশক পাৰ হৈ যোৱাৰ পিছত সম্প্ৰতি আমি আমাৰ মাতৃভাষাৰ উচিত মূল্যায়ণ কৰিছোনে·
                              আমি দৃঢ় হোৱা দৰকাৰ – আমি পৃথিৱীৰ যি ভাষাই নিশিকো কিয় , মাতৃভাষা সকলোৰে ওপৰত আৰু ইয়াক অৱহেলা কৰাটো কোনো কাৰনতে সহ্য কৰা নহ’ব। কাৰণ মাতৃভাষা হ’ল একেধাৰে সঁজুলি, আনন্দ, সূখ আৰু জ্ঞানৰ উৎস, ৰুচি আৰু অনুভূতিৰ পৰিচালক। সেইবাবেই আমি নকল চাহাব হোৱাৰ বাসনা ত্যাগ কৰি জাতিটো আৰু ভাষাটোৰ প্ৰতি থকা দায়বদ্ধতা স্বীকাৰ কৰি উঠি অহা প্ৰজন্মক একো একোজন ভাল অসমীয়া কৰি গঢ়ি তুলিবলৈ সংকল্প গ্ৰহণ কৰিব লাগিব।
                         বৰ্তমান এইটোৱেই হ’ল সময়ৰ আহবান।।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here