কংগ্ৰেছী স্বৈৰাচাৰৰ এটি জীয়া কাহিনীঃ ভাস্কৰ দাস

কংগ্ৰেছী স্বৈৰাচাৰৰ এটি জীয়া কাহিনী

ভাস্কৰ দাস

হিলাগৰাকী হ’ল স্নেহলতা ৰেড্ডী। জ্ঝঙ্ম দশকৰ বেছিভাগ মানুহেই হয়তো তেওঁক আজিকালি চিনি নাপায় বা নাজানে। ৰ’ব, পৰিচয় কৰাই দিছো, তেওঁ এগৰাকী অভিনেত্ৰী, সমাজসেৱী আৰু থিয়েটাৰ জগতৰ ব্যক্তি আছিল, যাক ‘বড়োদা ডিনামাইট বোম্বিং’ ঘটনাৰ সংক্ৰান্তত কোনো কাৰণ নোহোৱাকৈ ইন্দিৰা গান্ধীয়ে জেলত বন্দী কৰি ৰাখিছিল। যদিও মূল চাৰ্জশ্বিট ফাইল কৰাৰ সময়ত তেওঁৰ নাম উল্লেখ কৰা নাছিল, তথাপিও দীৰ্ঘ আঠ মাহ তেওঁক জেলৰ অন্ধকাৰ কালকুঠৰীত বিনা বিচাৰেৰে কটাবলৈ বাধ্য কৰা হৈছিল। নিস্তব্ধ ৰাত্ৰি অন্ধকাৰ কালকুঠৰীৰ পৰা মৰ্মন্তুদ আৰ্তনাদ শুনা গৈছিল, যেতিয়া তেওঁৰ ওপৰত অমানুষিক অত্যাচাৰ চলোৱা হৈছিল। এই অত্যাচাৰৰ ফলত জে’লৰ ভিতৰতে দুবাৰ ক’মাত যাবলগীয়া হৈছিল। অত্যাচাৰত জৰ্জৰিত হৈ ভাঙি পৰা স্বাস্থ্যৰ কাৰণে ৰজ্ঝ77 চনত তেওঁক জামিনত মুক্তি দিয়া হৈছিল যদিও তাৰ তিনি দিন পাছত তেওঁৰ মৃত্যু হয়। জৰুৰীকালীন অৱস্থাৰ সময়ত কংগ্ৰেছে কৰা অত্যাচাৰৰ এনেকুৱা আৰু বহুতো কাহিনী আছে। জৰ্জ ফাৰ্ণাণ্ডেজৰ ভায়েক, লৰেন্সকো ঠিক তেনেকুৱাই থাৰ্ড ডিগ্ৰী টৰ্চাৰ কৰা হৈছিল আৰু শেষত যেতিয়া তেওঁ মুক্তি পালে শুকান হাড়-মঙহ নোহোৱা কংকালহে ওলাল। জে’লত থকা সময়খিনিত তেওঁৰ ওপৰত ভয়ংকৰ অত্যাচাৰ চলিল আৰু ধমকি দিয়া হ’ল আত্মগোপন কৰি থকা জৰ্জ ফাৰ্ণাণ্ডেজৰ সম্ভেদ দিবলৈ। অটল বিহাৰী বাজপেয়ী, লালকৃষ্ণ আদৱানী, নানাজী দেশমুখ, মোৰাৰজী দেশাই ইত্যাদিকে কৰি প্ৰায় সমস্ত ৰাজনৈতিক বন্দীক কাৰাবাস কালতেই গুপ্তহত্যাৰ চক্ৰান্ত চলোৱা হৈছিল। নহ’লেনো তেওঁলোকক গ্ৰেপ্তাৰ কৰি অন্ধকাৰ কালকুঠৰীত ৰখাৰ কাৰণ কি আছিল· কাৰণ এটাই, তেওঁলোক সকলোৱে কংগ্ৰেছ চৰকাৰৰ বিৰোধিতা কৰিছিল। এতিয়া এবাৰ নিজৰ চাৰিওপিনে চাওক আৰু কওক আজি কেইজনক চৰকাৰক বিৰোধিতা কৰাৰ কাৰণে জে’লৰ ভিতৰতে এনেদৰে মাৰাত্মক অত্যাচাৰ কৰা হৈছে। অথচ বহুকেইজন নাগৰিকেই কুখ্যাত ইমাৰজেন্সিৰ সময়ৰ ক’লা দিনবিলাকত চৰম যন্ত্ৰণাৰ চিকাৰ হৈ মৃত্যুক সাৱটি লৈছিল, এখন স্বাধীন দেশত শ্বহীদ হ’ব লগা হৈছিল। অথচ এফালে ৰাহুল গান্ধীয়ে ‘চৌকিদাৰ চোৰ হ্যায়’, ‘প্ৰধানমন্ত্ৰী চোৰ হ্যায়’ মন্ত্ৰ জপ কৰি চিঞৰি ফুৰিছে। নিৰ্লজ্জৰ নিচিনাকৈ, কেতিয়াবা চুপ্ৰিম ক’ৰ্টত গৈ হাত জোৰ কৰি, আবেগত মুখৰ পৰা ওলাই গ’ল বুলি ক্ষমা খুজিছে আৰু ক’ৰ্টৰ পৰা বাহিৰত আহি একেই মিছাৰ পুনৰাবৃত্তি কৰি গৈছে। মেহবুবা মুফতী আৰু আব্দুল্লাৰ পৰিয়ালে স্বভাৱসিদ্ধ ভাবেৰে কাশ্মীৰক লৈ কেন্দ্ৰীয় চৰকাৰৰ বিৰোধিতা আৰু বিষেদগাৰ। নতুনকৈ যোগ কৰিছে, কাশ্মীৰৰ বাবে বেলেগ পতাকা লাগে, লাগে বেলেগকৈ প্ৰধানমন্ত্ৰী। অসমতো ইজ্ৰায়েল গোহাঁই, মনজিত, অখিল আৰু বহু ভ্ৰষ্টাজীৱিসকলে আনন্দেৰে চৰকাৰৰ প্ৰত্যেকটি ভাল কামৰ সমালোচনা, নিন্দা আৰু বিৰোধিতা কৰি আছে। ক্ষমতাৰ লালসাত, পশ্চিমবংগৰ মমতা বেনাৰ্জী, এইচ ডি কুমাৰস্বামী, চন্দ্ৰবাবু নাইডু, কেজৰিৱাল, মায়াৱতী, অখিলেশৰ নিচিনা নেতাই দেশখনক বন্ধকত থ’বলৈও কুণ্ঠাবোধ নকৰা হৈছে। ৰভীশ কুমাৰ, ৰাজদীপ সৰদেশাই, সাগৰিকা ঘোষ এইসকলকতো কোনেও গ্ৰেপ্তাৰ কৰা নাই অথচ সিহঁতে কিন্তু সমস্ত চৰকাৰী শাসন ব্যৱস্থাতো ব্যৰ্থ কৰিবলৈ চেষ্টা কৰি আছে। সংক্ষেপত ক’বলৈ হ’লে আজি ইমাৰজেন্সিৰ নিচিনা পৰিস্থিতি ভাৰতৰ ক’তো সৃষ্টি কৰা নাই। সেই সময়ৰ দৰে অন্ধকাৰাচ্ছন্ন দিনবোৰৰ লেশমাত্ৰও ভয় নাই যে চৰকাৰক সমালোচনা কৰিব নোৱাৰে। এতিয়া চৰকাৰৰ বিৰুদ্ধে যি মন গৈছে সকলোৱে ক’ব পাৰিছে, সকলোৱে মানে, যিসকলে নিন্দুক প্ৰকৃতিৰ, হঠাৎ যাৰ ভাৰতত খাবলৈ থাকিবলৈ, আগত আনন্দ পাইছিল কিন্তু বৰ্তমান ভয় লাগে, সেইসকলক সাদৰেৰে সত্যৰ প্ৰতিমূৰ্তি বুলি আজিকালি বৰণ কৰি লোৱা দেখা গৈছে। তথাপিও আজিকালি সকলোতে সেই একেই প্ৰচাৰ চলিছে মোদী ডাঙৰীয়াৰ কাৰণে গণ সংকটত, অসহিষু্ণতা বাঢ়িছে চাৰিওফালে। প্ৰশ্ন আহে মনলৈ ক’তা ক’ত অঘোষিত ইমাৰজেন্সি চলিছে· (গণতন্ত্ৰ সংকটত, অসহিষু্ণতা ক্ৰমে বাঢ়িছে, এয়া জৰুৰী অৱস্থাতহে দেখা গৈছিল)। যিকোনো প্ৰাইম টাইম নিউজ চেনেলত বিতৰ্ক চাওক, যিকোনো খবৰ কাগজৰ সম্পাদকীয় চাওক, ট্যুইটাৰ চাওক, যিকোনো উদাৰবাদী বুদ্ধিজীৱীৰ ভাষণ শুনক, আপুনি কেৱল এনেধৰণৰ কথাই শুনা পাব। সিহঁতে ক’ব, আমি প্ৰাণ খুলি মনৰ কথা ক’ব নোৱাৰো। নোৱাৰো ক’ব, চৰকাৰৰ বিৰুদ্ধে কোনো কথা ক’বলৈ। সকলোতে, আপুনি সেই একেই কথাই শুনা পাব। সকলোতকৈ ডাঙৰ কথা হ’ল, শিক্ষিত সাধাৰণ মানুহ, এই সকলোৱে এই মিছা কথাবিলাক বিশ্বাস কৰিছে। বিশেষতঃ চহৰত বাস কৰা শিক্ষিত, মধ্যম বৰ্গীয়, যাৰ কোনো ধাৰণাই নাই, আচল একনায়কতন্ত্ৰ কোনে চলাইছে। আৰু ঠিক এই কথাটোৱে মই আমাৰ দেশৰ জনগণক ক’ব বিচাৰো– এতিয়াচোন ক’তো কোনো জৰুৰী অৱস্থাৰ পৰিস্থিতি নাই। এতিয়া চ্ঙ্মৰজ্ঝ চনত দেশত নিৰ্বাচনী গৰম বতাহ আৰু গণতন্ত্ৰৰ নামত, ভাৰতৰ আত্মাৰ নামত, ৰাজনৈতিক বক্তাসকলে আজে বাজে কৈ ৰাইজৰ পৰা ভোট বিচাৰিছে। কাৰণ ইয়াৰ আগত মোদী ডাঙৰীয়াৰ চ্ঙ্মৰচ্ছ্ৰ চনৰ আগত বাস্তৱত কিন্তু পৰিস্থিতি বহুত বেছি বেয়া আছিল।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here