দেশত আকৌ এবাৰ মোডী চৰকাৰ

নিউজ ডেস্কঃ আকৌ এবাৰ মোডী চৰকাৰ। চলিত লোকসভাৰ নিৰ্বাচনৰ আজি ঘোষিত ফলাফল আৰু অব্যাহত গণনা পৰ্বৰ অগ্ৰগতিয়ে নিশ্চিতভাৱে আৰু দ্বিধাহীনভাৱে দেশত পুনৰবাৰ বিজেপিৰ নেতৃত্বত এনডিএৰ মৰ্চাৰ চৰকাৰ গঠনৰ পথ সুগম কৰিলে। ইয়াৰ বিপৰীতে ইমানদিনে অভিযোগ-প্ৰতিঅভিযোগেৰে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি থকা বিৰোধী দলবোৰ মোডীৰ ঢৌত উটি-ভাহি একেবাৰে নিশ্চিহ্ন হৈ পৰিল।

আনকি দেশৰ প্ৰধান বিৰোধী দল কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীও উত্তৰ প্ৰদেশৰ বংশানুক্ৰমিক সমষ্টি আমেঠিত বেয়াকৈ পৰাজিত হ’ল। উত্তৰ প্ৰদেশত মহাজোট গঠন কৰা সমাজবাদী পাৰ্টী আৰু বহুজন সমাজবাদী পাৰ্টী, পশ্চিমবংগৰ তৃণমূল কংগ্ৰেছৰ মুৰববী মমতা বেনাৰ্জী, কৰ্ণাটকৰ জনতা দল এছৰ মুৰববী তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী এছ ডি দেৱগৌড়া, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, তেলেগু দেশমৰ মুৰববী তথা অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু আদিয়েও ফৰিং চিটিকা দিবলৈ বাধ্য হয়। উল্লেখ্য যে মুঠ ৫৪৩ সংসদীয় সমষ্টিৰ ভেল্যুৰ আসনখন বাদ দি বাকী সমষ্টিকেইটাত হোৱা ভোটগ্ৰহণৰ আজি পুৱা আঠ বজাৰ পৰা অবিৰতভাৱে গণনা কাৰ্য চলি আছে।

এইবাৰ ৮০৪০ জন প্ৰতিদ্বন্দ্বিয়ে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল আৰু ৯১ কোটি ভোটাৰে তেওঁলোকক বাছনি কৰাৰ অধিকাৰ লাভ কৰিছিল। কিন্তু আজি ঘোষিত ফলাফলে বিজেপিয়ে অকলেই ২৯০ টা সমষ্টিত অগ্ৰগতি তথা জয়ৰ দিশত অগ্ৰসৰ হৈছে। বিজেপি নেতৃত্বাধীন এনডিএমৰ্চাই সৰ্বমুঠ ৩৫১ টা সমষ্টিত শেষ হাঁহি মাৰিবলৈ সাজু হৈছে। কংগ্ৰেছ নেতৃত্বাধীন ইউপিএ মৰ্চাই কেৱল ৮৯ টা সমষ্টিত আৰু অন্যান্য প্ৰাৰ্থীসকলে ১০২ টা সমষ্টিত অগ্ৰগতি লাভ কৰি আছে। এই অন্যান্য সকলৰ ভিতৰত তৃণমূল কংগ্ৰেছ, আম আদমী, সমাজবাদী, বহুজন সমাজবাদী, আজেডি, জেডিএছ, এআইইউডিএফ ইত্যাদি অনেক দলৰ সমাহাৰ ঘটিছে।

কিন্তু বিজেপিয়ে অকলেই লাভ কৰা অগ্ৰগতিয়ে একক সংখ্যাগৰিষ্ঠতা অৰ্জন কৰি অকলেই চৰকাৰ গঠন কৰাৰ যোগ্যতা অৰ্জন কৰিলে। ইয়াৰ বিপৰীতে ইউপিএ মৰ্চা আৰু অন্যান্যসকলে লগলাগিও বিজেপিক প্ৰতিৰোধ কৰাত সক্ষম নহ’ল। আনকি দিল্লী, ছত্তিশগড়, বিহাৰ, অসম, গুজৰাট, হিমাচল প্ৰদেশ, ঝাৰখণ্ড, কৰ্ণাটক, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, ৰাজস্থান, উত্তৰাখণ্ড, পশ্চিমবংগ আদিত পূৰ্বতকৈ অধিক ভাল ফলাফল প্ৰদৰ্শন কৰা দেখা গ’ল। ফলত একেৰাহে দ্বিতীয়বাৰলৈ সম্পূৰ্ণ সংখ্যা গৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিবলৈ সক্ষম হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে একপ্ৰকাৰ অভিলেখ গঢ়া বুলিব পাৰি।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here