মোডীৰ ছুনামীত বিধ্বস্ত হ’ল বিৰোধী

নিউজ ডেস্কঃ নতুন দিল্লীঃ কেইমাহমানৰ পূৰ্বে দেশৰ তিনিখন ৰাজ্য ৰাজস্থান, মধ্যপ্ৰদেশ আৰু ছট্টিশগড়ত কংগ্ৰেছ দলে বিজেপিক পৰাস্ত কৰি দেশত এক নতুন ৰাজনৈতিক ধাৰা আৰম্ভ কৰিবলৈ সক্ষম হৈছিল। কিন্তু সেই আশা নিৰ্বাপিত কৰিলে এইবাৰৰ লোকসভা নিৰ্বাচনৰ ফলাফলে। ৰাজনৈতিক বিশ্লেষকসকলৰ মুখত চেঁচা পানী ঢালি এইবাৰ নিৰ্বাচনত কংগ্ৰেছক মুখথেকেছা খুৱাবলৈ সক্ষম হ’ল উল্লেখীত ৰাজ্যকেইখনৰ লগতে দেশৰ বিভিন্ন ৰাজ্য। ইয়াৰে ভিতৰত কেইবাখনো ৰাজ্য ক্লীন ছুইপ দিবলৈ সক্ষম হ’ল বিজেপিয়ে। মূলত মোডীৰ ছুনামীত উটি ভাহি গ’ল অন্যান্য দলসমূহৰ লগতে কংগ্ৰেছ। বিশেষকৈ নৰেন্দ্ৰ মোডীৰ নিজা ৰাজ্য গুজৰাটত কংগ্ৰেছ ধুলিসাৎ হৈ পৰাটো এক লক্ষণীয় বিষয়ত পৰিণত হৈছে। গুজৰাটত ২৬ খন আসনৰ আটাইকেইখনেই বিজেপিয়ে হস্তাগত কৰাটো নিশ্চিত হৈ পৰে। নৰেন্দ্ৰ মোডীয়ে প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত কৰাৰ পূৰ্বে গুজৰাটত মুখ্যমন্ত্ৰী ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। এই ৰাজ্যৰ গান্ধীনগৰৰ পৰা মোডীৰ বিশস্ত অনুগামী তথা বিজেপিৰ সভাপতি অমিত শ্বাহ বিপুল ভোটত জয়ী হৈছে। আনহাতে ৰাজ্যখনৰ আটাইকেইটা সমষ্টিতে বিজেপিয়ে ক্লীন ছুইপ দিয়াটো সম্পূৰ্ণৰূপে নিশ্চিত হৈ পৰিছে। ইপিনে ২০১৪ চনৰ মোডী ঢৌ অব্যাহত থকাৰ সময়তে তথা এন ডি এ চৰকাৰে দেশত শাসন কৰি থকাৰ সময়তে দিল্লীত শাসনৰ বাঘজৰী ধৰিবলৈ সক্ষম হোৱা অৰবিন্দ কেজৰিৱালৰ নেতৃত্বাধীন আম আদমী পাৰ্টিয়ে এইবাৰ এখনো আসন লাভ কৰিবলৈ সক্ষম নহ’ল। দিল্লীত বিজেপিয়ে ক্লীন ছুইপ দিলে এইবাৰৰ নিৰ্বাচনত। ইপিনে হাৰিয়াণাত দহখন আসন লাভ পথ প্ৰশস্ত হৈ পৰে বিজেপি নেতৃত্বাধীন এন ডি এৰ। ফলত এইখন ৰাজ্যতো ক্লীন ছুইপ দিবলৈ সক্ষম হ’ল এন ডি এ। এনেদৰে হিমাচল প্ৰদেশত চাৰিখন আসন, মণিপুৰত দুখনৰহ ভিতৰত দুখন, উত্তৰাখণ্ডত ৫ খন আসন, ৰাজস্থানত ২৫ খনৰ ভিতৰত ২৫ খন, ত্ৰিপুৰাত দুখনৰ ভিতৰত দুখন আসন লাভ কৰাৰ পথত এন ডি এ। ফলত এইকেইখন ৰাজ্যত বিজেপি নেতৃত্বাধীন এন ডি এয়ে ক্লীন ছুইপ দিবলৈ সক্ষম হৈছে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here