নিউজ ডেস্ক,নতুন দিল্লীঃ দেশজুৰি প্ৰৱল জনপ্ৰিয়তা আৰু চৰ্চাৰ বিষয় হৈ পৰা চকীদাৰ শীৰ্ষক নামৰ আগত লিখা অভিধা ত্যাগ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। প্ৰধানমন্ত্ৰীৰ লগে লগে বিজেপিৰ অন্যান্য নেতা-কৰ্মীসকলেও নামৰ আগত লিখা চকীদাৰ শব্দটো প্ৰত্যাহাৰ কৰাৰ পথ মুকলি হ’ল। উল্লেখ্য যে নিজকে দেশৰ শাসক নহয়, ৰক্ষক হিচাপে ঘোষণা কৰি প্ৰধানমন্ত্ৰীয়ে ৰক্ষকৰ বৃত্তিগত পদবী চকীদাৰ হিচাপে নামৰ আগত লিখিছিল নিৰ্বাচনৰ পূৰ্বে।
প্ৰধানমন্ত্ৰীক অনুসৰণ কৰি বিজেপি নেতা-কৰ্মীসকলেও নামৰ আগত চকীদাৰ শব্দটো সন্নিৱিষ্ট কৰিছিল। এই শব্দটোৱে বিৰোধীৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল আৰু সমালোচনা, নিন্দা তথা তীৰ্যক মন্তব্য প্ৰকাশ কৰিছিল। বিষয়টো গৈ আনকি ন্যায়ালয়ৰ মজিয়াও পাইছিলগৈ। কিন্তু আজি নিৰ্বাচনৰ ফলাফলত বিজেপি তথা এনডিএ মৰ্চাই অভাৱনীয় সফলতা লাভ কৰাৰ খন্তেক পিছতে টুইটাৰৰ জৰিয়তে প্ৰধানমন্ত্ৰীয়ে চকীদাৰ শব্দটো প্ৰত্যাহাৰ কৰিব বুলি ঘোষণা কৰে। তেওঁ অৱশ্যে নামৰ আগত চকীদাৰ নিলিখিলেও নিজৰ জীৱনৰ সৈতে চকীদাৰ শব্দটো দৰ্শন অভিন্ন বুলি ব্যক্ত কৰে।
ইফালে নিৰ্বাচনত সফলতাৰ বাবে দেশ-বিদেশৰ পৰা ব্যাপক অভিনন্দন লাভ কৰিছে মোডীয়ে। পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে মোডীক অভিনন্দন জ্ঞাপন কৰি ভৱিষ্যতে দক্ষিণ এছিয়াৰ শান্তি আৰু প্ৰগতিৰ বাবে একেলগে কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি দিছে। বিজেপিৰ বৰ্ষীয়ান নেতা এল কে আদৱানীয়ে প্ৰধানমন্ত্ৰী মোডীৰ লগতে ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহকো অভিনন্দন জনাইছে। জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওমৰ আব্দুলাই এক্সিট প’লৰ তথ্য সঁচা আছিল বুলি উল্লেখ কৰি মোডীক অভিনন্দন জ্ঞাপন কৰিছে। কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীও মোডীৰ লগতে বিজেপিৰ নেতা কৰ্মী সকলক নিৰ্বাচনী সফলতাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে।