চাৰি ৰাজ্যৰ বিধান সভাতো মোদীৰ মেজিক

নিউজ ডেস্ক,নতুন দিল্লীঃ সপ্তদশ লোকসভা নিৰ্বাচনৰ সমান্তৰাল ভাবে এই বাৰ দেশৰ চাৰিখন ৰাজ্য ক্ৰমে অন্ধ্ৰপ্ৰদেশ, অৰুণাচল প্ৰদেশ, ওৰিশা আৰু চিকিমত অনুষ্ঠিত হৈছিল বিধান সভা নিৰ্বাচন। ইয়াৰে ওৰিশাক বাদ দি বাকী তিনিখন ৰাজ্যত ১১ এপ্ৰিলত বিধান সভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ লগতে ওৰিশাত চাৰিটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হৈছিল। আজি লোকসভা নিৰ্বাচনৰ সমান্তৰালভাৱে চাৰিৰাজ্যৰ বিধান সভা নিৰ্বাচনৰ ভোট গণনাও পুৱা ৮বজাৰ পৰা অনুষ্ঠিত হয়। দুপৰীয়া দুই বজালৈকে প্ৰাপ্ত চাৰি ৰাজ্যৰ বিধান সভা নিৰ্বাচনৰ ফলাফল অনুসৰি অন্ধ্ৰপ্ৰদেশক বাদ দি বাকী তিনিখন ৰাজ্যত বিজেপিয়ে আন দলৰ তুলনাত আগবাঢ়ি থাকে। দুই বজালৈ উলোৱা নিৰ্বাচনী ফলাফল অনুসৰি অৰুণাচল প্ৰদেশত বিজেপিয়ে সোতৰখন আসনত আগবাঢ়ি থকাৰ লগতে কংগ্ৰেছে এখন আসনতো আগবাঢ়িবলৈ সক্ষম হোৱা নাই। ১৭৫ জনীয়া অন্ধ্ৰপ্ৰদেশত ৱাইএচ আৰ কংগ্ৰেছে ১৪৯ খন আসনত আগবাঢ়ি আছে। চিকিমত ৩২ জনীয়া চিকিমত সাত খন আসনত এচ কে এম দল আগবাঢ়ি আছে। শেহতীয়া পৰ্যবেক্ষণ অনুসৰি অৰুনাচল প্ৰদেশত চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’ব বিজেপি। অৰুনাচল প্ৰদেশত ৬০ খন আসনৰ বাবে ভোট গ্ৰহণ অনুষ্ঠিত হৈছিল। ওৰিশাত বিজেডি দলে দুপৰীয়াৰ ভাগলৈ আগবাঢ়ি থকা পৰিলক্ষিত হৈছে। বিজেডি দলে মিত্ৰজোটৰ চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’ব বুলি ধাৰণা কৰা হৈছে। এই ৰাজ্যকেইখনত কংগ্ৰেছৰ স্থিতি এইবাৰ অতি পুতৌ জনক হোৱা দেখিবলৈ পোৱা গৈছে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here