এয়া জনতাৰ বিজয়ঃ স্মৃতি ইৰাণী

নিউজ ডেস্ক,নতুন দিল্লীঃ লোকসভা নিৰ্বাচনৰ ভোট গণনাৰ আৰম্ভণিৰে পৰাই বিজেপি নেতৃত্বাধীন এনডিএই বৃহৎ ব্যৱধানত ইউপিএতকৈ আগবাঢ়ি থকাৰ বিষয়টোৱে আনন্দিত কৰি তুলিছে বিজেপিৰ নেতা সকলক। নিৰ্বাচনত বিজেপিৰ বৃহৎ বিজয়ক ৰাইজৰ জয় আখ্যা দিছে কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ নেত্ৰী স্মৃতি ইৰাণীয়ে। আজি টুইটাৰত ইৰাণীয়ে কয় যে এই যুজ জনতা আৰু বিৰোধীৰ মাজত হোৱা যুজ। জনতাই বিজেপিৰ ভাল কাম সমূহক সমৰ্থন জনাই ভোট দান কৰিছে। সেইবাবেই বিৰোধী ঐক্য এতিয়া থানবান হৈ পৰিছে। বিগত পাঁচ টা বছৰত এনে এটা দিন নাই যিটো দিনত বিৰোধীয়ে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক সমালোচনা কৰা নাই। বিৰোধীয়ে মোদীক কেতবোৰ অ-প্ৰাসংগিক সমালোচনা কৰিছিল বুলি মন্তব্য কৰি স্মৃতি ইৰাণীয়ে কয় যে জনতাই বিৰোধী দল সমূহৰ সমালোচনা বোৰ যে অৰ্থহীন আছিল তাক পুনৰ বাৰ প্ৰমাণ কৰি দেখুৱালে। জনতাৰ এনে ৰায়দানক প্ৰসংশা কৰে ইৰাণীয়ে। ইৰাণীয়ে বিপুল ভোট দানৰ জৰিয়তে পুনৰ মোদীৰ চৰকাৰক প্ৰতিষ্ঠা কৰাৰ বাবে সমগ্ৰ দেশ বাসীকে ধন্যবাদ তথা কৃতজ্ঞা জ্ঞাপন কৰে। তেওঁ কয় যে জনতাৰ এনে উদাৰতাৰ মূল্য চৰকাৰে দিব।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here